অন্ধবিশ্বাস!দুস্কৃতিকাৰীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে চাৰিজনকৈ লোকক

News18-Assam
Updated:July 21, 2019, 4:58 PM IST
অন্ধবিশ্বাস!দুস্কৃতিকাৰীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে চাৰিজনকৈ লোকক
ঝাৰখণ্ডৰ গুমলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

ঝাৰখণ্ডৰ গুমলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

  • Share this:
অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সমগ্ৰ দেশ! অন্ধবিশ্বাসৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত হত্যা কৰা হৈছে সাধাৰণ লোকক!  অসমৰ কলাইগাঁৱত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা উলংগ পূজাৰ দৰে ঘটনাৰ উত্তেজনা মাৰ নাযাওতেই এইবাৰ ঝাৰখণ্ডৰ গুমলাত অন্ধবিশ্বাসৰ কবলত পৰি নৃশংস ভাবে হত্যা কৰা হ’ল চাৰিজনকৈ লোকক। চাৰিও গৰাকী লোকে ব্লেক মেজিক কৰা বুলি সন্দেহ কৰি ১০-১২ জনীয়া এটা দুস্কৃতিকাৰী দলে মৰিয়াই মৰিয়াই অতি নৃশংস ভাবে হত্যা কৰিলে। পিছত ঘটনা সন্দৰ্ভত গুমলাৰ আৰক্ষীয়ে আৰম্ভ কৰে অভিযান।আৰক্ষীয়েও এতিয়া অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে। উল্লেখযোগ্য যে স্থানীয় লোকেও নিহত আটাইকেইজনক যাদু মন্ত্ৰৰে জড়িত আছিল  বুলি উল্লেখ কৰিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি