Jharkhand Assembly Elections : ঝাৰখণ্ডত কংগ্ৰেছ–JMM-RJD মিত্ৰজোঁটৰ চৰকাৰ, একালৰ সতীৰ্থৰ হাতত সমষ্টি হাৰিলে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে

News18 Assam | News18-Assam
Updated:December 23, 2019, 8:32 PM IST
Jharkhand Assembly Elections : ঝাৰখণ্ডত কংগ্ৰেছ–JMM-RJD মিত্ৰজোঁটৰ চৰকাৰ, একালৰ সতীৰ্থৰ হাতত সমষ্টি হাৰিলে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে
পত্নীৰ সৈতে ঝাৰখণ্ডৰ ভাবী মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন।

দেশত ক্ৰমাৎ হ্ৰাস বিজেপি শাসিত ৰাজ্যৰ সংখ্যা।

  • Share this:
ঝাৰখণ্ডত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ কংগ্ৰেছ–JMM-RJD মিত্ৰজোঁটৰ চৰকাৰ। মুখ্যমন্ত্ৰী হ’ব জেএমএমৰ হেমন্ত ছোৰেন।  ৮১খন আসনৰ ভিতৰত কংগ্ৰেছ–জেএমএম–আৰজেডিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিক পৰাজয়ৰ মুখ দেখুৱায়। আনহাতে নিজৰ সমষ্টিতে পৰাজয়ৰ মুখ দেখে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে। একালৰ সতীৰ্থ সৰয়ু ৰায়ৰ হাতত পৰাস্ত হয় মুখ্যমন্ত্ৰীজন। কেৱল মুখ্যমন্ত্ৰী ৰঘুবৰ দাসেই নহয় কেবিনেটৰ তেওঁৰ সতীৰ্থ কেইবাজনো মন্ত্ৰীৰো পৰাজয় হয় এই নিৰ্বাচনত।

ফলাফলৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেমন্ত চুৰেনক অভিনন্দন জ্ঞাপন কৰিছে। ঝাৰখণ্ডৰ জনতাৰো ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ৰাজ্যৰ বিকাশৰ কাৰণে কাম কৰি যাব।



কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও টুইট কৰি জনাদেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।



ঝাৰখণ্ডৰ ভাবী মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে এই বিজয়ৰ আঁৰত পিতৃ শিবু ছোৰেনৰ আশীৰ্বাদক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় আজিৰ দিনটো আনৰ কাৰণে উৎসাহৰ দিন কিন্তু মোৰ কাৰণে আজি সংকল্প লোৱাৰ দিন।

তাৎপৰ্যপূৰ্ণ যে দেশত কেইবাখনো ৰাজ্যত বিজেপিৰ পৰাজয়ৰ ফলত ক্ৰমাৎ সংকুচিত হৈ পৰিছে গেৰুৱা দলটো শাসিত ৰাজ্যৰ সংখ্যা। যোৱা দুটা বছৰত দেশত বিজেপি শাসিত ৰাজ্যৰ সংখ্যা ১৯খনৰ পৰা ১৬খনলৈ হ্ৰাস পাইছে। 


NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি