ঝাৰখণ্ডত গাদীচ্যুত হ’ব বিজেপি! Exit Poll-এ দিছে চৰকাৰ সলনি হোৱাৰ ইংগিত

News18 Assam | News18-Assam
Updated:December 21, 2019, 6:24 PM IST
ঝাৰখণ্ডত গাদীচ্যুত হ’ব বিজেপি! Exit Poll-এ দিছে চৰকাৰ সলনি হোৱাৰ ইংগিত
নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি চৰকাৰ বিৰোধী তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ বাবে অন্য এক বেয়া খবৰ

নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি চৰকাৰ বিৰোধী তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ বাবে অন্য এক বেয়া খবৰ

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি চৰকাৰ বিৰোধী তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ বাবে অন্য এক বেয়া খবৰ। আগন্তুক বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত গাদীচ্যুত হ’ব বিজেপি! দেশৰ বহু কেইটা আগশাৰীৰৰ EXIT POLL এজেন্সীয়ে ঝাৰখণ্ডত চৰকাৰৰ সলনি হোৱাৰ ইংগিত প্ৰদান কৰিছে।

IANS-CVOTERS-ABP ৰ সমীক্ষা মতে,আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩২ খন আসন লাভ কৰাৰ পিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব ৩৫ খন আসন ।


India Today, Axis my Indiaৰ সমীক্ষাই বিজেপিক দিছে ২২ৰ পৰা ৩২খন আসন। আনহাতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৩৮ৰ পৰা ৫০ খন আসন।


আনকি ঝাৰখণ্ডৰ স্থানীয় নিউজ চেনেল Kashish Newsএ বিজেপিক দিছে ২৫ৰ পৰা ৩০ খন আসন। অন্যহাতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৩৭ৰ পৰা ৩৯ খন আসন।


৮১ খন আসন যুক্ত ঝাৰখণ্ডৰ বিধানসভাত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন ৪১ খন আসন। India Today, Axis my India আৰু Kashish News এ এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব বুলি আভাস দিছে যদিও IANS-CVOTERS-ABP এ ৰাজ্যখনত ওলমা বিধানসভা হোৱাৰ সমীক্ষা প্ৰকাশ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি