Jharkhand Assembly Election Result 2019 : কোনে গঠন কৰিব চৰকাৰ? পুৱা ৮ বজাৰ পৰা ভোটগণনা

News18 Assam | News18-Assam
Updated:December 23, 2019, 7:24 AM IST
Jharkhand Assembly Election Result 2019 : কোনে গঠন কৰিব চৰকাৰ? পুৱা ৮ বজাৰ পৰা ভোটগণনা
এইবাৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যখনত এইবাৰ নিৰ্বাচনী যুঁজত নামিছে AJSU দল, ঝাৰখণ্ড মুক্তি মৰ্চা, ঝাৰখণ্ড বিকাশ মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ দৰে সৰু সৰু দলে।

  • Share this:
আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ৩০ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ পাঁচটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত হোৱা EXIT POLLত ৰাজ্যখনত কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চা মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰা দেখা গৈছে।

আজি পুৱা ৮ বজাৰ পৰা ২৪খন জিলা কাৰ্যালয়ত আৰম্ভ হ’ব ভোটগণনা। চতৰা জিলাত সৰ্বাধিক ২৮টা ৰাউণ্ডত হ’ব ভোটগণনা। আনহাতে, সৰ্বনিম্ন দুটা ৰাউণ্ডত ভোটগণনা হ’ব চন্দনকায়ৰীত। ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচন আয়োগে।

এইবাৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যখনত এইবাৰ নিৰ্বাচনী যুঁজত নামিছে AJSU দল, ঝাৰখণ্ড মুক্তি মৰ্চা, ঝাৰখণ্ড বিকাশ মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ দৰে সৰু সৰু দলে। ৰাজখনত ঝাৰখণ্ড মুক্তি মৰ্চাই এইবাৰ ৪৩খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনহাতে, কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে ক্ৰমে ৩১খন আৰু ৭খন আসনত যুঁজ দিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি