Jharkhand Election Result 2019 : কংগ্ৰেছ মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি, মুখথেকেচা বিজেপিৰ

News18 Assam | News18-Assam
Updated:December 23, 2019, 11:27 AM IST
Jharkhand Election Result 2019 : কংগ্ৰেছ মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি, মুখথেকেচা বিজেপিৰ
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, পুৱা ১১ বজালৈ জে এম এম ২৫, কংগ্ৰেছ ১৩, আৰ জে ডি ৫, বিজেপি ২৭, চিপিআই ১, নিৰ্দলীয় ১, বিএছপি ২খন আসনত আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, পুৱা ১১ বজালৈ জে এম এম ২৫, কংগ্ৰেছ ১৩, আৰ জে ডি ৫, বিজেপি ২৭, চিপিআই ১, নিৰ্দলীয় ১, বিএছপি ২খন আসনত আগবাঢ়ি আছে।

  • News18 Assam
  • Last Updated: December 23, 2019, 11:27 AM IST
  • Share this:
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। ৮১খন আসনযুক্ত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ৫টা পৰ্যায়ত। ভোটগণনাত বৰ্তমানলৈ বিজেপিতকৈ বৃহৎ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ–জেএমএম–আৰজেডি মিত্ৰজোঁটে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, পুৱা ১১ বজালৈ জে এম এম ২৫, কংগ্ৰেছ ১৩, আৰ জে ডি ৫, বিজেপি ২৭, চিপিআই ১, নিৰ্দলীয় ১, বিএছপি ২খন আসনত আগবাঢ়ি আছে।

কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে News18ৰ আগত কয় – ‘ঝাৰখণ্ডত যদিহে বিজেপি পৰাজিত হয়, তেন্তে এই পৰাজয় ৰঘুবৰ দাসৰ নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰাজয় বুলি বিবেচনা কৰিম। মোদী–শ্বাহে ঝাৰখণ্ড নিৰ্বাচনত CAA, অনুচ্ছেদ ৩৭০, ৰাম মন্দিৰ আদি বিষয়ক লৈ প্ৰচাৰ চলাইছিল। এতিয়া চূড়ান্ত ফলাফল আহিবলৈ বাকী। যদি কংগ্ৰেছৰ চৰকাৰ হয় তেন্তে যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া পূৰণ কৰা হ’ব।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি