মুখ্যপৃষ্ঠা »খবৰ »দেশ »হাস্পতালত অগ্নিকাণ্ড, চিকিৎসক দম্পতীসহ ৫জনৰ মৃত্যু!

হাস্পতালত অগ্নিকাণ্ড, চিকিৎসক দম্পতীসহ ৫জনৰ মৃত্যু!

শনিবাৰে পুৱতিনিশা ধানবাদ জিলাৰ বেংক মোৰৰ সন্মুখত এখন বেচৰকাৰী হাস্পতালত অগ্নিকাণ্ড সংঘটিত হয়।

শনিবাৰে পুৱতিনিশা ধানবাদ জিলাৰ বেংক মোৰৰ সন্মুখত এখন বেচৰকাৰী হাস্পতালত অগ্নিকাণ্ড সংঘটিত হয়।

  • Share this:
Dhanbad Hospital Fire : ঝাৰখণ্ডৰ ধানবাদত এখন হাস্পতালত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিষাক্ত গেছত মৃত্যু হয় কমেও ৫জন লোকৰ। এখন বেচৰকাৰী হাস্পতালত সংঘটিত হয় এই অগ্নিকাণ্ড। হাস্পতালখনতে আছিল এহাল চিকিৎসক দম্পতীসহ তেওঁৰ পৰিয়াল। আৰু এই ঘটনাত মৃত্যু হয় চিকিৎসক দম্পতী। এই ঘটনাত আন কেইবাজনো অসুস্থ হৈ পৰাত বৰ্তমান চিকিৎসাধীন হৈ আছে।

শনিবাৰে পুৱতিনিশা ধানবাদ জিলাৰ বেংক মোৰৰ সন্মুখত এখন বেচৰকাৰী হাস্পতালত অগ্নিকাণ্ড সংঘটিত হয়। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। কিন্তু জুই নিৰ্বাপন কৰালৈ বহু পলম হৈ গৈছিল। হাস্পতালত থকা চিকিৎসক দম্পতীসহ কমেও ৫জনৰ মৃত্যু হয়।

মৃত দম্পতীৰ নাম ডাঃ বিকাশ হাজৰা আৰু ডাঃ প্ৰেমা হাজৰা। আন ৯জনক হাস্পতালৰ পৰা উদ্ধাৰ কৰা হৈছে। কেইবাজনৰো চিকিৎসা চলি আছে। জুই লগাৰ ফলত বিষাক্ত গেছ নিৰ্গত হৈ অসুস্থ হৈ মৃত্যু হয় ৬জনৰ। অসুস্থ হয় হাস্পতালত থকা কেইবাজনো লোক। ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হয় জিলা প্ৰশাসনৰ বিষয়া। কি কাৰণ অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ তদন্ত অব্যাহত ৰাখিছে। আনহাতে, হাস্পতালত অগ্নি নিৰ্বাপক ব্যৱস্থা কেনে আছিল তাৰো তদন্ত চলিছে।

শেহতীয়া বাতৰি