এজন যুৱকে ভেকচিন লোৱা সময়তে চিগি ৰ’ল বেজী। ফলত যুৱকজনৰ অৱস্থা সংকটজনক হৈ পৰে। অসহ্যকৰ বিষ অনুভৱ কৰাৰ পিছত ৯ দিনৰ পিছত জিলা হাস্পতালৰ চিকিৎসকে অস্ত্ৰোপচাৰ কৰি বেজী উলিয়াবলৈ সক্ষম হয় যদিও যুৱকজনৰ সোঁহাতখন আৰু ভৰি অচল হৈ যায়। তাৰ পিছতে যুৱকজনক ঝাঁছী মেডিকেল কলেজ হাস্পতাললৈ ৰেফাৰ কৰা হয়।
ঘটনাটো উত্তৰ প্ৰদেশৰ। ২২ বছৰীয়া ইন্দ্ৰেশ অহিৰৱাৰে ৯ ছেপ্টেম্বৰত গাঁৱৰে এখন বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত কোৰোণাৰ ভেকচিন গ্ৰহণ কৰিছিল। ভেকচিন লোৱাৰ পিছত যুৱকজনৰ হাত ফুলি যোৱাৰ লগতে জ্বৰত আক্ৰান্ত হয়। চিকিৎসা গ্ৰহণ কৰাৰ পিছতো সুস্থ হৈ নুঠিল যুৱকজন।
লাহে লাহে যুৱকজনৰ হাত–ভৰি অচল হৈ পৰাত ১৩ ছেপ্টেম্বৰত জিলা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকক দেখুৱায়। চিকিৎসকে পৰীক্ষা কৰি যুৱকজনৰ ভেকচিন লোৱা স্থানত বেজী সোমাই থকাৰ অনুমান কৰে। চিটি স্কেনত বেজী সোমাই থকা ধৰা পৰে। ১৮ ছেপ্টেম্বৰত অস্ত্ৰোপচাৰ কৰি বেজীৰ টুকুৰাটো উলিয়াই দিয়া হয়। প্ৰায় এঘণ্টাজোৰা অস্ত্ৰোপচাৰৰ অন্তত সকাহ অনুভৱ কৰে যুৱকজনে। কিন্তু তেওঁৰ সোঁহাত আৰু এখন ভৰি অচল হৈ পৰে। চিকিৎসকে তেওঁক ঝাঁছী মেডিকেল কলেজলৈ ৰেফাৰ কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 20, 2021, 16:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|