• Home
  • »
  • News
  • »
  • nation
  • »
  • বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা, ৪টি শিশুসহ ১১জনৰ মৃত্যু

বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা, ৪টি শিশুসহ ১১জনৰ মৃত্যু

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ওচৰৰ লোকসকলে ঘটনাস্থলীলৈ দৌৰি আহে।

  • Share this:

উত্তৰ প্ৰদেশৰ ঝাঁচী জিলাৰ চিৰগাঁও থানাৰ অঞ্চলত আজি বিজয়া দশমীৰ দিনাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। চুবুৰীয়া জিলা দতিয়াৰ পণ্ডোখৰৰ চিৰগাঁৱৰ ছিৰোনা গাঁৱত এখন ট্ৰেক্টৰ ট্ৰলী বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত ১১জন লোকৰ মৃত্যু হয়, ইয়াৰ ভিতৰত ৪ শিশুসহ ৭গৰাকী মহিলা আছে। কোৱা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকাৰ সময়তে হঠাৎ আগত এটা ম’হ আহি ওলোৱাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ট্ৰেক্টৰ ট্ৰলীখন। ফলত ঘটনাস্থলীতে ১১জনৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৬জন লোক।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ওচৰৰ লোকসকলে ঘটনাস্থলীলৈ দৌৰি আহে। স্থানীয় লোকে ট্ৰেক্টৰ ট্ৰলীৰ তলত আবদ্ধ কেইবাজনো লোকক উদ্ধাৰ কৰে। কিন্তু ৭ মহিলা আৰু ৪ শিশুৰ মৃত্যু হয়। দুৰ্ঘটনাত আহত লোকসকলক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়।
Published by:Sanjay Kumar Das
First published: