• Home
  • »
  • News
  • »
  • nation
  • »
  • পুত্ৰৰ চকুৰ সন্মুখতে মাতৃৰ কৰুণ মৃত্যু! অকলশৰীয়া হৈ পৰিল শাহুৱেকৰ লগতে দুই কণমানি পুত্ৰ

পুত্ৰৰ চকুৰ সন্মুখতে মাতৃৰ কৰুণ মৃত্যু! অকলশৰীয়া হৈ পৰিল শাহুৱেকৰ লগতে দুই কণমানি পুত্ৰ

দেওবাৰে হৈ যায় মমতাৰ শেষকৃত্য। ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

দেওবাৰে হৈ যায় মমতাৰ শেষকৃত্য। ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

দেওবাৰে হৈ যায় মমতাৰ শেষকৃত্য। ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

  • Share this:
জম্মু-কাশ্মীৰৰ কাটৰাৰ মাতা বৈষ্ণো দেৱীৰ ধামত শুকুৰবাৰে আৰু শনিবাৰে নিশা পদপিষ্ট হৈ ১২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০ জন লোক গুৰুতৰ ভাবে আহত হৈছিল। এই ঘটনাত হাৰিয়ানাৰ ঝাজ্জৰৰ এগৰাকী মহিলাইয়ো কৰুণ ভাবে মৃত্যুক আঁকোৱালি ল'লে। মৃত মহিলাগৰাকীৰ নাম মমতা বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ তিনিদিন পূৰ্বে ১৯ বছৰীয়া পুত্ৰৰ সৈতে মামা বৈষ্ণো দেৱীৰ দৰ্শ কৰিবলৈ ধামলৈ গৈছিল।

মমতা আৰু তেওঁৰ পুত্ৰই নতুন বছৰৰ প্ৰাকমুহূৰ্তত বৈষ্ণো দেৱীক দৰ্শন কৰিবলৈ গৈছিল। ইফালে, মমতাৰ চুবুৰীয়াসকলে কৈছিল যে, দৰ্শনৰ পিছত দুপৰীয়া ২.৩০ বজাত দুয়ো উভতি আহিছিল। আৰু সেই সময়তে ভিৰৰ মাজত হেৰাই যায় মমতা আৰু তেওঁৰ পুত্ৰ। আৰু কিছুসময়ৰ পিছতে পদপিষ্ট হৈ কৰুণ ভাবে মৃত্যুক আঁকোৱালি লয় মমতা নামৰ মহিলাগৰাকীয়ে।

মমতাৰ চুবুৰীয়াসকলে লগতে কৈছে যে, স্বামীৰ মৃত্যুৰ পিছত স্বামীগৃহৰ সকলো দায়িত্ব ল'বলগীয়া হৈছিল মমতাই। দুটা সন্তানৰ লগতে শাহুৱেকৰ ভৰণ পোষণৰ সমস্ত দায়িত্ব লৈছিল মমতাই। এতিয়া মমতাৰ মৃত্যুৱে ঘৰখনলৈ নমাই আনিছে অমানিশা।

দেওবাৰে হৈ যায় মমতাৰ শেষকৃত্য। ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: