বন্ধ হ'ল জেট এয়াৰৱেজৰ সেৱা, নিশা ১০.৩০ বজাত অন্তিমখন বিমানৰ উৰণ , পঢ়ক সম্পূৰ্ণ খবৰ

অত্যাধিক ঋণৰ বোজাত পোত যোৱা জেট এয়াৰৱেজৰ বন্ধ হ’ল সকলো কাম–কাজ। সূত্ৰ অনুসৰি নিশা ১০.৩০ বজাত অন্তিমবাৰৰ বাবে যাত্ৰা কৰে জেট এয়াৰৱেজৰ বিমান।

Dulu Medhi | news18assam
Updated:April 17, 2019, 11:03 PM IST
বন্ধ হ'ল জেট এয়াৰৱেজৰ সেৱা, নিশা ১০.৩০ বজাত অন্তিমখন বিমানৰ উৰণ , পঢ়ক সম্পূৰ্ণ খবৰ
জেট এয়াৰৱেজ
Dulu Medhi | news18assam
Updated: April 17, 2019, 11:03 PM IST
অত্যাধিক ঋণৰ বোজাত পোত যোৱা জেট এয়াৰৱেজে আজি নিশাৰ পৰা বন্ধ কৰিব পাৰে সকলো কাম–কাজ। সূত্ৰ অনুসৰি আজি নিশা ১০.৩০ বজাত অন্তিমবাৰৰ বাবে যাত্ৰা কৰিলে  জেট এয়াৰৱেজৰ বিমানে। ইয়াৰ মুখ্য কাৰণ জেট এয়াৰৱেজে বেংকৰ পৰা ৪০০ কোটিৰ ঋণৰ বাবে আৱেদন জনাইছিল কিন্তু বেংকে এই আৱেদন খাৰিজ কৰে।
ফাণ্ডৰ ধনৰ অভাৱৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জেট এয়াৰৱেজৰ বিমান অন্তিমবাৰৰ বাবে যাত্ৰা কৰে অমৃতসৰলৈ।

বেংকসমূহে ইমাৰজেঞ্চী ফাণ্ডিঙৰ আবেদন অগ্ৰাহ্য কৰে।

সূত্ৰ অনুসৰি, বেংকসমূহে ইমাৰজেঞ্চী ফাণ্ডিঙৰ আবেদন অগ্ৰাহ্য কৰে, নিলাম প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে জেট এয়াৰৱেজেক ঋণ নিদিয়াৰ সিদ্ধান্ত। জেটক অতিৰিক্ত ঋণ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেংকসমূহে। ২৫ বছৰীয়া পুৰণি এয়াৰলাইন কোম্পানীটোৰ ওপৰত ৮ হাজাৰ কোটিৰো অধিক ধনৰ ঋণ আছে।

মাত্ৰ ৫খন বিমানৰ পৰিচালন
জেট এয়াৰৱেজৰ মাত্ৰ ৫ খন বিমানৰহে পৰিচালন হ’ল যদিও সোমবাৰে ৭খন বিমানৰ সেৱা অব্যাহত আছিল।

জেট এয়াৰৱেজে পূৰ্বেই নিজৰ আন্তঃৰাষ্ট্ৰীয় পৰিচালনক ১৮ এপ্ৰিললৈকে স্থগিত ৰখাৰ ঘোষণা কৰিছে। জেট এয়াৰৱেজে ক’লে যে তেওঁলোকক SBIৰ অন্তৰ্গত বেংকসমূহৰ সমূহীয়া সহায়ৰ অপেক্ষাত আছে। যাতে এয়াৰৱেজৰ সেৱা প্ৰদানত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। মুম্বাই শ্বেয়াৰ বজাৰলৈ প্ৰেৰণ কৰা জাননীত উল্লেখ কৰিছে যে জেট এয়াৰৱেজৰ পৰিচালক মণ্ডলীৰ সৈতে আলোচনা চলি আছে। তৎকালীনভাৱে প্ৰয়োজন হোৱা ধনৰ সহযোগৰ বাবে ঋণদাতাৰ সৈতে আলোচনা চলি আছে। 

 
আৰু চাওক পৰৱৰ্তী বাতৰি