Bengal is not Gujrat, ‘জয় শ্ৰীৰাম’ ধ্বনি শুনি প্ৰচণ্ড খং মমতাৰ

উত্তৰ ২৪ পৰগনাত মমতাৰ কনভয়ৰ সমীপত একাংশ লোকে দিলে ‘জয় শ্ৰীৰাম’ ধ্বনি।

news18assam
Updated:May 31, 2019, 3:18 PM IST
Bengal is not Gujrat, ‘জয় শ্ৰীৰাম’ ধ্বনি শুনি প্ৰচণ্ড খং মমতাৰ
উত্তৰ ২৪ পৰগনাত মমতাৰ কনভয়ৰ সমীপত একাংশ লোকে দিলে ‘জয় শ্ৰীৰাম’ ধ্বনি।
news18assam
Updated: May 31, 2019, 3:18 PM IST
পশ্চিম বংগতে এতিয়া অথন্তৰৰ সীমা নাই মমতা বেনাৰ্জীৰ। লোকসভা নিৰ্বাচনত শোচনীয় ফলাফলৰ পিছতে মমতাৰ দুৰ্গত সৃষ্টি হৈছে খহনীয়া। ইতিমধ্যে তিনি বিধায়কসহ কেইবাজনো পাৰিষদে তৃণমূল কংগ্ৰেছ এৰি যোগদান কৰিছে বিজেপিত। এইবাৰ মমতা সন্মুখীন হ’ল আন এক অথন্তৰৰ। উত্তৰ ২৪ পৰগনাত মমতাৰ কনভয়ৰ সমীপত একাংশ লোকে দিলে ‘জয় শ্ৰীৰাম’ ধ্বনি। কনভয়ৰ পৰা নামি আহি তৰ্কযুদ্ধতো লিপ্ত হয় মুখ্যমন্ত্ৰীগৰাকী। মমতাৰ অভিযোগ ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়া লোকসকল পশ্চিম বংগৰ নহয়। তেওঁলোক বাহিৰৰ পৰা অহা আৰু বিজেপি কৰ্মী। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ উচিত ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে। আৰক্ষীয়ে ইতিমধ্যে কেইবাজনকো আটক কৰিছে এই ঘটনাত জড়িতৰ অভিযোগত। কনভয়ৰ পৰা নামি আহি ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়াসকলক উদ্দেশ্যি মমতায় কয় – Bengal is Bengal, Bengal is not Gujrat।

আৰু চাওক পৰৱৰ্তী বাতৰি