পইচা শেষ হোৱাত জুৱাৰ বাজিত লগালে পত্নীক, জিকাৰ পিছত বন্ধুৱে কৰিলে দলবদ্ধ বলাৎকাৰ

মহিলাগৰাকীৰ অভিযোগৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত ভুক্তভোগী মহিলাগৰাকী দ্বাৰস্থ হয় আদালতৰ।

News18-Assam
Updated:August 2, 2019, 8:01 AM IST
পইচা শেষ হোৱাত জুৱাৰ বাজিত লগালে পত্নীক, জিকাৰ পিছত বন্ধুৱে কৰিলে দলবদ্ধ বলাৎকাৰ
মহিলাগৰাকীৰ অভিযোগৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত ভুক্তভোগী মহিলাগৰাকী দ্বাৰস্থ হয় আদালতৰ।
News18-Assam
Updated: August 2, 2019, 8:01 AM IST
উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন জুৱাৰীয়ে জুৱা খেলত পইচা শেষ হোৱাত বাজিত লগালে নিজ পত্নীক। ইয়াৰ পিছত লোকজনৰ বন্ধুৱে দলবদ্ধভাৱে বলাৎকাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ অভিযোগৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত ভুক্তভোগী মহিলাগৰাকী দ্বাৰস্থ হয় আদালতৰ।

আদালতে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীক দলবদ্ধ বলাৎকাৰৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে। লগতে আৰক্ষীক এজাহাৰ দাখিল কৰি তাৰ প্ৰতিলিপি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে জফৰাবাদত। ভুক্তভোগী মহিলাগৰাকীৰ স্বামী জুৱাৰ প্ৰতি আসক্ত আছিল। এদিন বন্ধুৰ সৈতে জুৱা খেলি পইচা শেষ হোৱাত নিজ পত্নীক বাজিত লগায় লোকজনে। আৰু বন্ধু যেতিয়া জুৱাত জিকিল, তাৰ পিছতে মহিলাগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰে।

মহিলাগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াত গোচৰ ৰুজু কৰিবলৈ অমান্তি হয় আৰক্ষী। এতিয়া আদালতৰ নিৰ্দেশৰ পিছত মহিলাগৰাকীয়ে ন্যায় পোৱাৰ আশা কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি