পিতৃৰ সৈতে ঠেলাত পাচলি বিক্ৰী কৰা যুৱক আজি ন্যায়াধীশ!

ডাঙৰ ককায়েকে এটা মটৰ গেৰাজত কাম কৰে আৰু অমিতে পিতৃৰ লগত ঠেলাত পাচলি বিক্ৰী কৰে।

News18-Assam
Updated:July 27, 2019, 1:02 PM IST
পিতৃৰ সৈতে ঠেলাত পাচলি বিক্ৰী কৰা যুৱক আজি ন্যায়াধীশ!
ডাঙৰ ককায়েকে এটা মটৰ গেৰাজত কাম কৰে আৰু অমিতে পিতৃৰ লগত ঠেলাত পাচলি বিক্ৰী কৰে।
News18-Assam
Updated: July 27, 2019, 1:02 PM IST
দৰিদ্ৰতা যে সফলতা লাভৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে সেই কথা আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে উত্তৰ প্ৰদেশৰ অমিত নামৰ এজন যুৱকে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান অমিতে বহু আৰ্থিক অনাতনৰ মাজতে কঠোৰ পৰিশ্ৰম কৰি আজি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ঘৰখনক সকাহ দিয়াৰ উদ্দেশ্যে অমিতে নিজৰ পিতৃৰ লগত ঠেলাত পাচলি বিক্ৰী কৰি ঘৰৰ খনক আৰ্থিক ভাৱে কিছু সকাহ দিয়াৰ চেষ্টা কৰিছিল। অমিতৰ ডাঙৰ ককায়েকে এটা মটৰ গেৰাজত কাম কৰে। আৰু  অমিতে পিতৃৰ লগত ঠেলাত পাচলি বিক্ৰী কৰে।  কিন্তু সৰুৰে পৰাই অমিতৰ সপোন আছিল এগৰাকী ন্যায়াধীশ হোৱাৰ। পৰিয়ালৰ লোকেও অমিতৰ এই সপোন পূৰণ কৰাত কৰিছিল যথেষ্ট কষ্ট।



উত্তৰ প্ৰদেশ লোকসেৱা আয়োগে অনুষ্ঠিত কৰা UP PCS-J পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে অমিত মৌয্য। জৈনপুৰৰ মহাৰাজগঞ্জ থানাৰ অন্তৰ্গত সহায় দূৰ্গাদাস গাঁৱৰ অমিতে সদ্য ঘোষিত UP PCS-J পৰীক্ষাত  উত্তীৰ্ণ হৈ এতিয়া নিজৰ ন্যায়াধীশ হোৱাৰ সপোন পূৰণ কৰিছে ।  অমিতে কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ পৰা  এল এল বি আৰু এল এল এম ডিগ্ৰী লাভ কৰিছিল।

সদ্য ঘোষিত UP PCS-J পৰীক্ষাত ৪৫৭ স্থান দখল কৰা অমিতে এই সফলতাৰ পিছত কয় যে, ‘ঘৰৰ আৰ্থিক অৱস্থা ইমান বেয়া হোৱাৰ পিছতো মই পঢ়ি থকাৰ সময়ত দেউতাই মোক পঢ়াৰ খৰচ দিছিল, সেই টকা যোগাৰ কৰিবলৈ দেউতাই কিমান কষ্ট কৰিবলগীয়া হৈছিল সেয়া আজিও মোৰ কাৰণে বৰ কষ্টকৰ ,আৰু দেউতাৰ মোক লৈ কৰা সেই কষ্টবোৰ দেখি মই মনতে থিক কৰিছিলো PCS-J পৰীক্ষাত পাছ কৰি দেউতাই মোকলৈ দেখা সপোন বোৰ পূৰণ কৰাৰ।’ আজি অমিতৰ দেউতাক পুত্ৰৰ সফলতাত অত্যন্ত সুখী।
আৰু চাওক পৰৱৰ্তী বাতৰি