প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান। দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সিঙে। মৃত্যুৰ সময়ত যশৱন্ত সিঙৰ বয়স আছিল ৮২ বছৰ। সিঙৰ বিয়োগত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ নেতাসকলে।
দিল্লীৰ সেনাৰ ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সিঙে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল সিং। সেনা হাস্পতালে এক বিজ্ঞপ্তিযোগে জনায় – ‘অতি দুখেৰে জনোৱা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ আজি পুৱা ৬.৫৫ বজাত দেহাৱসান ঘটে। তেওঁক ২৫ জুনত ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। আজি পুৱা হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে তেওঁৰ।’
সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘যশৱন্ত সিঙক ৰাজনীতি তথা সমাজ সম্বন্ধীয় বিষয়ত তেওঁৰ অদ্বিতীয় দৃষ্টিকোণৰ বাবে মত ৰখা হ’ব। তেওঁ বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। মোৰ ফালৰ পৰা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা।’
মোদীয়ে কয়, ‘অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত তেওঁ বিত্ত, প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল। দেওঁৰ বিয়োগত মৰ্মাহত।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|