নিজকে ACBৰ বিষয়া হিচাপে চিনাকী দি মহিলাৰ পৰা উলিয়াব বিচাৰিলে ৫০,০০০, ৰাজপথতে পৰিল চেণ্ডেলৰ কোব

Dulu Medhi | News18-Assam
Updated:May 8, 2019, 1:24 PM IST
নিজকে ACBৰ বিষয়া হিচাপে চিনাকী দি মহিলাৰ পৰা উলিয়াব বিচাৰিলে ৫০,০০০, ৰাজপথতে পৰিল চেণ্ডেলৰ কোব
এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, লোকজনে দুৰ্নীতি নিবাৰকৰ বিষয়া বুলি দাবী কৰিছিল। লগতে অভিযুক্তৰ লগত আছিল ভুৱা ID

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, লোকজনে দুৰ্নীতি নিবাৰকৰ বিষয়া বুলি দাবী কৰিছিল। লগতে অভিযুক্তৰ লগত আছিল ভুৱা ID

  • Share this:
ঝাৰখণ্ডস্থিত যামছেদপুৰত এগৰাকী মহিলাই এজন লোকক নিজৰ চেণ্ডেল খুলি দিলে কোব। ANI অনুসৰি এই ঘটনা সংঘটিত হৈছে মানগ’ অঞ্চলত। লোকজন দুৰ্নীতি নিবাৰকৰ বিষয়াৰূপে আহিছিল আৰু মহিলাগৰাকীক খুজিছিল ৫০,০০০ টকা। মহিলাগৰাকীয়ে লোকজনক টকাখিনি দিয়াৰ কায়দাৰে মাতিলে যাতে লোকজনক গ্ৰেপ্তাৰ কৰিব পাৰে। আৰক্ষীয়ে লোকজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখে।

মিডিয়াৰ তথ্য অনুসৰি অভিযুক্তই মহিলাগৰাকীৰ পৰা দুৰ্নীতি নিবাৰকৰ অধিকাৰীৰূপে আহি মহিলাগৰাকীৰ প্ৰেমিকৰ সৈতে থকা সম্বন্ধ সন্দৰ্ভত টকা দাবী কৰিছিল। অভিযুক্তজনৰ নাম ফণীন্দ্ৰ মহটো। ফণীন্দ্ৰ ঘাটশিলা টীচাৰ্জ কল’নীৰ বাসিন্দা।

মানগ’ আৰক্ষী চকীৰ ইনচাৰ্জ অৰুণ মেহতাই ক’লে যে, মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছিল যে এজন লোকে মহিলাগৰাকীৰ পৰা ৫০,০০০ টকা দাবী কৰিছিল। অভিযুক্ত ফণীন্দ্ৰই কৈছিল যে পৰিয়ালকেন্দ্ৰিক সমস্যাৰ পৰা মহিলাগৰাকীক সহায় কৰাৰ বাবদ এইখিনি টকা দাবী কৰিছিল। চাওক এই ভিডিঅ’:


আৰু চাওক
পৰৱৰ্তী বাতৰি