জম্মু–কাশ্মীৰত নিৰাপত্তীৰক্ষীৰে সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

News18 Assam | News18-Assam
Updated:March 9, 2020, 10:28 AM IST
জম্মু–কাশ্মীৰত নিৰাপত্তীৰক্ষীৰে সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী
FILE PHOTO

হোলীত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীৰ দলটোৱে আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল চোৰাংচোৱাই।

  • Share this:
জম্মু–কাশ্মীৰত হোলীৰ এদিন পূৰ্বে সন্ত্ৰাসবাদীৰ কূটাঘাতৰ চেষ্টা ব্যৰ্থ কৰিলে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। শ্ব’পিয়ানত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী। আন এটা সন্ত্ৰাসবাদী এতিয়াও গাঁৱত আত্মগোপন কৰি গুলীচালনা কৰি থকাৰ খবৰ আহিছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

জানিব পৰা মতে, ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল যে শ্ব’পিয়ানত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰিছে। হোলীত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীৰ দলটোৱে আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল চোৰাংচোৱাই। সেই তথ্যৰ আধাৰতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰাৰ উমান পাই গুলীচালনা আৰম্ভ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত নিহত হয় দুই সন্ত্ৰাসবাদী।
Published by: Sanjay Kumar Das
First published: March 9, 2020, 10:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি