জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি, এজন সেনা জোৱান শ্বহীদ

বদ্ৰহামা অঞ্চলত সেনা আৰক্ষীয়ে চলাইছিল উগ্ৰপন্থীবিৰোধী অভিযান। সেই সময়তে নিৰাপত্তাৰক্ষীৰ দললৈ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।

News18-Assam
Updated:August 2, 2019, 9:14 AM IST
জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি, এজন সেনা জোৱান শ্বহীদ
বদ্ৰহামা অঞ্চলত সেনা আৰক্ষীয়ে চলাইছিল উগ্ৰপন্থীবিৰোধী অভিযান। সেই সময়তে নিৰাপত্তাৰক্ষীৰ দললৈ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।
News18-Assam
Updated: August 2, 2019, 9:14 AM IST
জম্মু–কাশ্মীৰৰ শ্ব’পিয়ান জিলাত বৃহস্পতিবাৰে নিশাৰে পৰা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে প্ৰচণ্ড গুলীয়াগুলি। এই সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি বদ্ৰহামা অঞ্চলত সেনা আৰক্ষীয়ে চলাইছিল উগ্ৰপন্থীবিৰোধী অভিযান। সেই সময়তে নিৰাপত্তাৰক্ষীৰ দললৈ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। আৰক্ষীয়ে বিষয়াজনে কয় যে অঞ্চলটোত ২–৩টা সন্ত্ৰাসবাদীক ঘেৰাও কৰিছে নিৰাপত্তাৰক্ষীয়ে।

একাংশ সংবাদ মাধ্যমৰ ৰিপ’ৰ্ট অনুসৰি, অঞ্চলটোত তিনিটা সন্ত্ৰাসবাদী আছিল আৰু ইয়াৰে এটা নিহত হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত। অৱশ্যে ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা এতিয়ালৈ কৰা নাই নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পূৰ্বে মঙলবাৰে জম্মু–কাশ্মীৰৰ বান্দীপোৰা জিলাৰ গুৰেজ ছেক্টৰত তিনি সন্ত্ৰাসবাদী নিহত হৈছিল সেনাৰ গুলীত।
আৰু চাওক পৰৱৰ্তী বাতৰি