প্ৰাণৰক্ষা কৰা ভাৰতীয় জোৱানসকলক দেখি সন্ত্ৰাসবাদীয়ে ক’লে– মই সৈনিক হ’ব লাগিছিল

হাস্পতালত সন্ত্ৰাসবাদী আৰিফে নিজৰ ভুল স্বীকাৰ কৰি ক’লে যে মই ডাঙৰ ভুল কৰিলো, মই আপোনালোকৰ দৰে ইউনিফৰ্ম পিন্ধিব লাগিছিল। এতিয়া বিপথে পৰিচালিত হোৱা লোকসকলক সৎ গতিত আনিবলৈ চেষ্টা কৰিম।
হাস্পতালত সন্ত্ৰাসবাদী আৰিফে নিজৰ ভুল স্বীকাৰ কৰি ক’লে যে মই ডাঙৰ ভুল কৰিলো, মই আপোনালোকৰ দৰে ইউনিফৰ্ম পিন্ধিব লাগিছিল। এতিয়া বিপথে পৰিচালিত হোৱা লোকসকলক সৎ গতিত আনিবলৈ চেষ্টা কৰিম।
- News18 Assam
- Last Updated: June 30, 2019, 12:16 PM IST
সন্ত্ৰাসবাদী আৰিফ হুছেইন বটে ক’লে যে তাক হিজবুল আৰু লস্কৰৰ সন্ত্ৰাসবাদীয়ে সেনাৰ ওপৰত আক্ৰমণ কৰাৰ প্লেন প্ৰস্তুত কৰিবলৈ মাতিছিল। আৰিফে ক’লে আলোচনা শেষ হোৱাৰ পিছত মই আৰু মোৰ বন্ধু আদিল আহমেদ দুয়ো কেম্পলৈ গতি কৰিছিলো, সেই সময়তে আন সন্ত্ৰাসবাদীয়ে আমাক ঘেৰাও কৰিছিল। সন্ত্ৰাসবাদীৰ সৈতে প্ৰথমে আদিলৰ মাৰপিট হৈছিল তাৰ পিছত সন্ত্ৰাসবাদীয়ে তাক গুলীচালনা কৰে।


আৰিফে ক’লে যে, সেনাই মোক প্ৰত্যক্ষ কৰি সাৱধানবাণী শুনাই ক’লে যে যদি লগত কোনো অস্ত্ৰ আছে তেন্তে তলত পেলাই দিয়া। আৰিফে ক’লে মোৰ গুলী লাগিছে, তেতিয়া সেনা বিষয়াএগৰাকীয়ে ক’লে আমি তোমাক মৰিবলৈ নিদিও আৰু হাস্পতাললৈ লৈ যাম। হাস্পতালত আৰিফে নিজৰ ভুল স্বীকাৰ কৰি ক’লে যে ‘মই ডাঙৰ ভুল কৰিলো, মই আপোনালোকৰ দৰে ইউনিফৰ্ম পিন্ধিব লাগিছিল। মই সুস্থ হৈ উঠিলেই আনকো বুজাম যে ভুল দিশে যোৱা লোকসকল যাতে সৎ দিশে গতি কৰে।