মৰ্মান্তিক! ককাকৰ আঙুলিত ধৰি পুৱা ফুৰিবলৈ আহিছিল কণমানিটি, হঠাৎ সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ গ’ল ককাকৰ, CRPF জোৱানে বচালে কণমানিটিৰ প্ৰাণ

News18 Assam | News18-Assam
Updated:July 1, 2020, 2:00 PM IST
মৰ্মান্তিক! ককাকৰ আঙুলিত ধৰি পুৱা ফুৰিবলৈ আহিছিল কণমানিটি, হঠাৎ সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ গ’ল ককাকৰ, CRPF জোৱানে বচালে কণমানিটিৰ প্ৰাণ
শিশুটিৰ বয়স প্ৰায় ৩ বছৰ। পুৱা ককাকৰ সৈতে ফুৰিবলৈ আহিছিল কণমানিটি। হঠাৎ গুলীয়াগুলি আৰম্ভ হয় আৰু গুলী লগাৰ ফলত শিশুটিৰ ককাকৰ মৃত্যু হয়।

শিশুটিৰ বয়স প্ৰায় ৩ বছৰ। পুৱা ককাকৰ সৈতে ফুৰিবলৈ আহিছিল কণমানিটি। হঠাৎ গুলীয়াগুলি আৰম্ভ হয় আৰু গুলী লগাৰ ফলত শিশুটিৰ ককাকৰ মৃত্যু হয়।

  • Share this:
জম্মু–কাশ্মীৰৰ ছপ’ৰত চি আৰ পি এফৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ। এই আক্ৰমণত চিআৰপিএফৰ ১৭৯ বেটেলিয়নৰ এজন হেড কনিষ্টবল শ্বহীদ হোৱাৰ লগতে এজন বয়োজ্যেষ্ঠ লোকো নিহত হয়। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত এক মৰ্মান্তিক ফটো দ্ৰুতগতিত ভাইৰেল হৈছে। গুলীয়াগুলিৰ মাজতে চিআৰপিএফৰ এজন জোৱানে এটি কণমানিৰ জীৱন ৰক্ষা কৰি সুৰক্ষিত স্থানলৈ লৈ যায়।

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, শিশুটিৰ বয়স প্ৰায় ৩ বছৰ। পুৱা ককাকৰ সৈতে ফুৰিবলৈ আহিছিল কণমানিটি। হঠাৎ গুলীয়াগুলি আৰম্ভ হয় আৰু গুলী লগাৰ ফলত শিশুটিৰ ককাকৰ মৃত্যু হয়। ককাকৰ মৃতদেহৰ কাষত বহি কান্দি আছিল শিশুটি। ছচিয়েল মিজিয়াত শিশুটিৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।



এখন ফটোত শিশুটিক তেজেৰে লুতুৰি–পুতুৰি হৈ পথৰ ওপৰত ককাকৰ মৃতদেহৰ কাষত বহি থকা দেখা গৈছে। গুলীৰ শব্দ অত্যন্ত ভয় খোৱা শিশুটিয়ে চিঞৰি চিঞৰি কান্দি আছিল।

এটা ভিডিঅ’ত দেখা গৈছে, সেই সময়ত এজন জোৱান আহি শিশুটিক কোলাত তুলি লৈছে। জোৱানজনে শিশুটিৰ কান্দোন বন্ধ কৰিবলৈ নিচুকাইছে। শিশুটিৰ কান্দোন আৰু জোৱানজনে তাৰ সৈতে কথা পাতি থকা ফটোৱে অন্তৰ চুই গৈছে বহুতৰে।

আন এটা ভিডিঅ’ত চিআৰপিএফৰ গাড়ীত বহি কান্দি থকা দেখা গৈছে শিশুটিক। শিশুটিৰ হাতত বিস্কুটৰ পেকেট। এই ফটোও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।


এ এন আইৰ মতে, বুধবাৰে পুৱা চিআৰপিএফৰ এটা দল পেট্ৰ’লিঙলৈ গৈছিল। সেই সময়তে ৰেবন অঞ্চলত চিআৰপিএফৰ দলটোলৈ হঠাৎ গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। প্ৰত্যুত্তৰত চিআৰপিএফৰ জোৱানেও গুলীচালনা কৰে। এই গুলীয়াগুলিত তিনিজন চিআৰপিএফ জোৱান আৰু এজন নাগৰিকৰ গুৰুতৰভাৱে আহত হয়। আটাইকে ভৰ্তি কৰোৱা হয় হাস্পতালত।
First published: July 1, 2020, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading