জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত জইছ–ই–মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

News18-Assam
Updated:August 3, 2019, 10:42 AM IST
জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত জইছ–ই–মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী
FILE PHOTO

নিশা সন্ত্ৰাসবাদীটোৰ মৃতদেহ চমজাই দিয়া হয় পৰিয়ালক। উক্ত অঞ্চলটো এতিয়াও ঘেৰাও কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

  • Share this:
জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে। কাশ্মীৰৰ শ্ব’পিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। নিৰাপত্তীৰক্ষীৰ গুলীত নিহত হয় জইছ–ই–মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জীনত উল ইছলাম নাইকু। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে সন্দেহজনক ঠাইখিনি ঘেৰাও কৰাৰ পিছতে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলে প্ৰচণ্ড গুলীয়াগুলী। পিছত ঘটনাস্থলীত উদ্ধাৰ হয় সন্ত্ৰাসবাদীটোৰ মৃতদেহ।

নিশা সন্ত্ৰাসবাদীটোৰ মৃতদেহ চমজাই দিয়া হয় পৰিয়ালক। উক্ত অঞ্চলটো এতিয়াও ঘেৰাও কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। অব্যাহত আছে সন্ত্ৰাবাদীৰ বিৰুদ্ধে অভিযান।

কোন এই জীনত নাইকু?

জীনত নাইকু শ্ব’পিয়ানত জইছ–ই–মহম্মদৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী। জইছৰ এফটিএছত স্থানীয় কমাণ্ডৰ আছিল নাইকু। আৰক্ষীক হত্যা আৰু গুলীচালনা, গেগ্ৰেন কেম্পত গুলীচালনাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত নাইকু।
First published: August 3, 2019, 10:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading