জম্মু কাশ্মীৰত যুদ্ধসদৃশ পৰিৱেশ, গৃহবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা, মেহবুবা মুফটিকে ধৰি কেইবাজনো শীৰ্ষ নেতা!

News18-Assam
Updated:August 5, 2019, 8:52 AM IST
জম্মু কাশ্মীৰত যুদ্ধসদৃশ পৰিৱেশ, গৃহবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা, মেহবুবা মুফটিকে ধৰি কেইবাজনো শীৰ্ষ নেতা!
Source- Google

দেওবাৰে মাজনিশাৰ পৰা কাশ্মীৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা

  • Share this:
জম্মু কাশ্মীৰত যুদ্ধসদৃশ পৰিৱেশ। আকৌ যেন অশান্ত হৈ পৰিছে জম্মু–কাশ্মীৰ! ৩৫ হাজাৰ সেনাৰ সঞ্চালনৰ পিছত জম্মু কাশ্মীৰত কাৰ্যতঃ গৃহবন্দী কৰা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা, মেহবুবা মুফটিকে ধৰি কেইবাজনো শীৰ্ষ নেতাক। মাজনিশাৰ পৰা কাশ্মীৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা।



অমৰনাথ যাত্ৰা বাতিল আৰু পৰ্যটকক কাশ্মীৰ এৰাৰ নিৰ্দেশৰ পিছত জম্মু কাশ্মীৰৰ প্ৰায় সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাও স্থগিত ৰখা হ'ব। মাজনিশাৰে পৰা জম্মু কাশ্মীৰত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। সমগ্ৰ জম্মু কাশ্মীৰ আৰু লাডাখ অঞ্চলত গিজগিজাই আছে নিৰাপত্তাৰক্ষীয়ে।



পাকিস্তানী সন্ত্ৰাসবাদীয়ে ৰাজ্যখনত কূটাঘাট সংঘটিত কৰাৰ নিশ্চিত তথ্য লাভ কৰাৰ পিছতে ৰাজ্যখনত বৃদ্ধি কৰা হৈছে এতিয়া নিৰাপত্তা ব্যৱস্থা।
আৰু চাওক
পৰৱৰ্তী বাতৰি