জম্মু–কাশ্মীৰৰ পুলৱামাত সোমবাৰে সন্দেহজনক সন্ত্ৰাসবাদীয়ে সেনাৰ বাহনত আক্ৰমণ চলায়। সন্ত্ৰাসবাদীয়ে ১৪ ফেব্ৰুৱাৰীৰ ঘটনা পুনৰাবৃত্তি কৰাৰ পৰিকল্পনা কৰিছিল যদিও সুৰক্ষাকৰ্মীয়ে সতৰ্কতাৰ বাবে পৰিকল্পনা বিফল হ’ল। আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি এই আক্ৰমণত ৬ গৰাকী সেনা জোৱান আৰু ২ জন লোক আহত হয়। আহত আটাইকেইজনকে শ্ৰীনগৰৰ ৯২ সেনা বেছ হাস্পতালত ভৰ্তি কৰোৱা হয়। আহতৰ ভিতৰত ৩ জন লোক গুৰুতৰভাৱে আহত হয়। ১৪ ফেব্ৰুৱাৰীত একেধৰণৰ বোমা বিস্ফোৰণত শ্বহীদ হৈছিল ৪০গৰাকী জোৱান।
ইয়াৰ পূৰ্বে পাকিস্তানে কাশ্মীৰত সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত আৰু আমেৰিকাক জনাইছিল। সোমবাৰে সেনাক লক্ষ্য কৰি বিস্ফোৰণ কৰা হৈছিল, এই বিস্ফোৰণ পুলৱামা বিস্ফোৰণৰ দৰে আছিল যদিও বাহনখনত প্ৰতিৰোধী বিশেষ ব্যৱস্থা থকা বাবে ক্ষতিৰ পৰিমান কম আছিল।
এগৰাকী আৰক্ষী বিষয়াই NEWS18ক জনালে যে IED পথৰ সমীপত ৰৈ থকা এখন বাহনত ৰখা হৈছিল। তথ্য অনুসৰি IED দূৰৰ পৰা নিয়ন্ত্ৰণ কৰা হৈছিল। আক্ৰমণত ব্যৱহৃত বাহনখন বিস্ফোৰণ হৈ দুটা টুকুৰাত বিভক্ত হৈছিল। বোমা বিস্ফোৰণৰ কিছু সময়ৰ পিছতে গুলীৰ শব্ধ শুনা গৈছিল। সন্ত্ৰাসবাদীৰ সন্ধানত Reinforcement force–এ অভিযান আৰম্ভ কৰিছিল।
Published by: Dulu Medhi
FIRST PUBLISHED : June 18, 2019, 09:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।