জম্মু–কাশ্মীৰৰ ৰাজনৈতিক পৰিস্থিতি সংকটজনক। পৰিস্থিতিলৈ লক্ষ্য ৰাখি পিডিপি, এনচি আৰু জম্মু–কাশ্মীৰ পিপুল্ছ মুভমেণ্টে জৰুৰীকালীন এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ৰাজ্যখনৰ সকলো দলৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত কি সিদ্ধান্ত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাজনিত কাৰণত অমৰনাথ যাত্ৰা স্থগিত ৰাখে। ইয়াকে লৈ এখন এডভাইজৰীও জাৰি কৰিছে চৰকাৰে। জম্মু–কাশ্মীৰত অতিৰিক্ত নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে। কাশ্মীৰৰ ডিভিজনেল কমিছনাৰ বছিৰ খানে স্থানীয় লোকক উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে জম্মু–কাশ্মীৰৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলো অমৰনাথ যাত্ৰীক উভতি অহাৰ নিৰ্দেশ দিছে। অমৰনাথ যাত্ৰাৰ পথত ভাৰতীয় সেনাই আমেৰিকাত নিৰ্মিত স্নাইপাৰ ৰাইফল M-24 উদ্ধাৰ কৰিছে। ইয়াৰ উপৰি অমৰনাথ যাত্ৰাৰ পথত উদ্ধাৰ হৈছে পাকিস্তানত নিৰ্মিত লেণ্ডমাইন।
ভাৰতীয় সেনাই শুকুৰবাৰে এক সংবাদমেলত কয় যে সন্ত্ৰাসবাদীয়ে অমৰনাত যাত্ৰাক লক্ষ্য কৰি কূটাঘাতৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। নিৰাপত্তাৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযানৰ সময়ত উদ্ধাৰ হয় লেণ্ডমাইন। কাশ্মীৰৰ ডিভিজনেল কমিছনাৰ বছিৰ খানৰ মতে কোনো স্কুল বন্ধ ঘোষণা কৰা হোৱা নাই। স্থানীয় লোকসকলক কোনোধৰণৰ উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে।
Published by: Sanjay Kumar Das
First published: August 03, 2019, 07:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|