ঘটনাটোৰ পিছত অঞ্চলটোত সেনা জোৱান মোতায়েন কৰা হৈছে। (ফটো ক্ৰেডিট: ANI)
Jammu Kashmir: সোমবাৰে শ্ৰীনগৰৰ মাইচুমা অঞ্চলত সন্ত্ৰাসবাদীৰ গুলীচালনাত (terrorist-attack in Srinagar) কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) এজন জোৱান নিহত হোৱাৰ বিপৰীতে আন এজন জোৱান আহত হয়।
সোমবাৰে শ্ৰীনগৰৰ মাইচুমা অঞ্চলত সন্ত্ৰাসবাদীৰ গুলীচালনাত (terrorist-attack in Srinagar) কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) এজন জোৱান নিহত হোৱাৰ বিপৰীতে আন এজন জোৱান আহত হয়। বিষয়াসকলে এই তথ্য দিছে।
তেওঁ কয় যে উগ্ৰপন্থীসকলে মাইচুমাত চিআৰপিএফজোৱানৰ ওপৰত গুলীচালনা কৰে, য'ত দুজন জোৱান আহত হয়। তেওঁ কয় যে আহতসকলক এছএমএইচএছ চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য'ত চিকিৎসকে এজন জোৱানক মৃত বুলি ঘোষণা কৰিছিল, আনহাতে আন এজন চিকিৎসাধীন হৈ আছে।
উগ্ৰপন্থীসকলক ধৰিবলৈ অঞ্চলটো ঘেৰাও কৰি এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। এইটো আশংকা কৰা হৈছে যে সন্ত্ৰাসবাদীসকলে ঘৰত লুকাই থাকিব পাৰে। দিনটোৰ আৰম্ভণিতে পুলৱামা জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত বিহাৰৰ দুজন শ্ৰমিক আহত হৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|