এই ফটোখন দুদিন ধৰি ব্যাপকভাৱে ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কোনো কোনোৱে লেণ্ডমাইন উদ্ধাৰৰ বাবে অমৰনাথ যাত্ৰা স্থগিত ৰখাৰ পিছত ভাৰতীয় সেনাই ব্যৱস্থা গ্ৰহণৰ ফটো বুলি কৈছে। আন কোনোবাই আকৌ ফটোখনৰ কেপচনত লিখিছে – কাশ্মীৰত শিলগুটি নিক্ষেপকাৰীৰ মাজত আবদ্ধ এই ভাৰতীয় সেনাৰ জোৱানজনৰ পৰা আমি শিকা উচিত যে জটিল পৰিস্থিতিত আমি কিদৰে মুখামুখি হোৱা উচিত।
খবৰ লিখাৰ সময়লৈ এই ফটোখন ফেচবুকত ১ লাখতকৈ অধিক শ্বেয়াৰ হৈছে। ইয়াৰ উপৰি WhatsApp, টুইটাৰ আৰু ইনষ্টাগ্ৰামতো ব্যাপকভাৱে শ্বেয়াৰ হৈছে ফটোখন।
সংবাদ মাধ্যমৰ ৰিপ’ৰ্ট অনুসৰি এই ফটোখন কাশ্মীৰৰ বডগাম জিলাৰ বাসিন্দা ফেইছল বছিৰে তুলিছে। এই ফটোখন তেওঁ ২০১৯ চনৰ ২ আগষ্টত তুলিছে। ফেইছল বছিৰ অনন্তনাগ জিলাৰ চৰকাৰী ডিগ্ৰী কলেজৰ ছাত্ৰ। বিএ মাছ কম অধ্যয়ন কৰি আছে ফেইছলে।
এই ফটোখন কাশ্মীৰৰ শ্ব’পিয়ানত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি থকাৰ সময়ৰ। দীৰ্ঘ সময় ধৰি চলা গুলীয়াগুলিৰ ফটো সংগ্ৰহৰ বাবে ফেইছল বছিৰে অনন্তনাগৰ পৰা শ্ব’পিয়ানলৈ আহিছিল। ফেইছলে কয় যে দিনৰ প্ৰায় ডেৰ বজাত তোলা হৈছিল এই ফটোখন। সেই সময়ত গুলীয়াগুলি চলি আছিল। ধাৰাসাৰ গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল। সকলো পথেৰে স্থানীয় লোক সংঘৰ্ষস্থলীলৈ ঢাপলি মেলিছিল। সকলোতে পথ অৱৰোধ কৰা হৈছিল।
বছিৰৰ মতে, যিজন ভাৰতীয় সেনাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে, তেওঁ সংঘৰ্ষস্থলীৰ কিছু নিলগৰ অৱৰোধস্থলীত আছিল। তেওঁৰ কাম আছিল ভাৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা একাংশ স্থানীয় লোকক বাধা প্ৰদান কৰা।
লগতে ফেইছলে কয় যে যি সময়ত তেওঁ সেই ফটোখন সংগ্ৰহ কৰিছিল, সেই সময়ত স্পেচিয়েল অপাৰেচন গ্ৰুপৰ এই জোৱানজনে পথৰ মাজত চকীত বহি আছিল। সেনা জোৱানজনৰ হাতত এটা অট’মেটিক বন্দুক আছিল, যিটো দেখুৱাই তেওঁ স্থানীয় প্ৰতিবাদকাৰীক সংঘৰ্ষস্থলীলৈ যোৱাত বাধা প্ৰদান কৰিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 04, 2019, 15:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|