কঠুৱাৰ শিশু নিৰ্যাতনৰ ঘটনাঃ৩ দোষীক যাৱজ্জীৱন,৩ আৰক্ষীক পাঁচ বছৰকৈ কাৰাদণ্ড

মন্দিৰৰ ভিতৰত এসপ্তাহধৰি আৰক্ষীসহ আঠ পাষণ্ডই অকথ্য নিৰ্যাতন চলালে এগৰাকী কণমানিক

news18assam
Updated:June 10, 2019, 7:01 PM IST
কঠুৱাৰ শিশু নিৰ্যাতনৰ ঘটনাঃ৩ দোষীক যাৱজ্জীৱন,৩ আৰক্ষীক পাঁচ বছৰকৈ কাৰাদণ্ড
মন্দিৰৰ ভিতৰত এসপ্তাহধৰি আৰক্ষীসহ আঠ পাষণ্ডই অকথ্য নিৰ্যাতন চলালে এগৰাকী কণমানিক
news18assam
Updated: June 10, 2019, 7:01 PM IST
কঠুৱা গোচৰ সন্দৰ্ভত পাঠানকোটৰ বিশেষ ন্যায়ালয়ে দিলে ৰায়দান। মুখ্য অভিযুক্ত সাঝি ৰাম, বিশেষ আৰক্ষী বিষয়া দীপক খজুৰিয়া,আৰক্ষী বিষয়া সুৰেন্দ্ৰ কুমাৰ, পৰৱেশ কুমাৰ, সহকাৰী SI আনন্দ দত্ত, হেড কনিষ্টবল তিলক ৰাজক ঘটনা সন্দৰ্ভত দোষী সাব্যস্ত কৰি প্ৰদান কৰিলে শাস্তি। জম্মু–কাশ্মীৰৰ কঠুৱাত ৮ বছৰীয়া কণমানিৰ সৈতে প্ৰথমে বলাৎকাৰ আৰু তাৰ পিছত হত্যা কৰা ঘটনা সন্দৰ্ভত সোমবাৰে পঞ্জাৱস্থিত পাঠানকোটৰ এক বিশেষ আদালতৰ ৰায়দান। আদালতে ৭ অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত কৰি ৩ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ লগতে ৩ আৰক্ষীক পাঁচ বছৰকৈ কাৰাদণ্ডৰ শাস্তি দিয়ে আদালতে। ঘটনা সন্দৰ্ভত এজনক দোষমুক্ত কৰে আদালতে। ইয়াৰ লগে লগে এতিয়া পাঠানকোট আৰু জম্মু–কাশ্মীৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

দেশ কপোঁৱা কঠুৱা কাণ্ডত পুজাৰী, ছাত্ৰৰ পৰা আৰক্ষী বিষয়ালৈ জড়িত আছিল।আঠ বছৰীয়া এগৰকী কণমানিক এসপ্তাহ ধৰি ধৰ্ষণ কৰিছিল আঠজনকৈ নৰাধমে। আনকি যেতিয়া কণমানিজনীক হত্যা কৰিবলৈ লৈছিল তেতিয়া এগৰাকী আৰক্ষী বিষয়াই কিছু সময় ৰ’বলৈ কৈ নিৰ্যাতন চলাইছিল কণমানিজনীৰ ওপৰত। এনে পাশৱিক কাণ্ড সংঘটিত কৰা আৰক্ষীৰ পোছাক পৰিধান কৰা লম্পটক এতিয়া শাস্তি বিহিছে ন্যায়ালয়ে।

কিদৰে হৈছিল ঘটনাৰ আৰম্ভণি

কঠুৱাৰ ৰাসনা নামৰ গাঁওখনত কিছু সংখ্যক বকৰবল সম্প্ৰদায়ৰ লোকে বাস কৰে। গাঁওখনত থকা দেবীস্থান মন্দিৰৰ দায়িত্বত থকা সাঝি ৰামে বকৰবল সম্প্ৰদায়ৰ লোকসকলক গাঁওখনৰ পৰা বহিষ্কাৰ কৰিবলৈ বহুদিন ধৰি চেষ্টা কৰি আহিছিল। শেষত নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ এনে এক ঘৃণনীয় কাণ্ডৰ নেতৃত্ব দিলে সাঝি ৰাম নামৰ লম্পটটোৱে। আঠ বছৰীয়া কণমানি জনীয়ে সদায় পশু চৰাবলৈ পথাৰলৈ যোৱা পত্যক্ষ কৰি আছিল সাঝি ৰামে। সম্প্ৰদায়টোক অঞ্চলটোৰ পৰা বহিষ্কাৰ কৰিবলৈ এই ছোৱালীজনীক অস্ত্ৰ হিচাপে লৈ এনে দুষ্কাৰ্য ৰচনা কৰে এই পাষণ্ডটোৱে।

মন্দিৰক বাচি ল’লে নিজৰ কামনা পূৰণৰ স্থান

উল্লেখযোগ্য যে মন্দিৰৰ ভিতৰত বন্দী কৰি আঠ লম্পটে দলবদ্ধ ধৰ্ষণ কৰিছিল ছোৱালীজনীক। কৰ্টত দাখিল কৰা তথ্য অনুসৰি মন্দিৰৰ প্ৰাৰ্থনা সভাৰ কক্ষতে ধৰ্ষণ কৰা হৈছিল কণমানিজনীক।

আৰক্ষীও জড়িত হ’ল ঘটনাত

তথ্য অনুসৰি আৰক্ষী বিষয়া কেইজনে ছোৱালীগৰকীৰ সন্ধানত মন্দিৰত প্ৰৱেশ কৰে। কিন্তু লম্পটকেইটাক গ্ৰেপ্তাৰ কৰি ছোৱালীজনীক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে আৰক্ষী বিষয়াই নিজৰ ঘৃণনীয় মানসিকতাৰ পৰিচয় দি ছোৱালীজনীৰ ওপৰত চলাই অকথ্য পিছত। পিছত ডিঙি চেপি হত্যা কৰা হয় কণমানিজনীক।
আৰু চাওক পৰৱৰ্তী বাতৰি