জম্মু–কাশ্মীৰত আকৌ নিৰাপত্তাৰক্ষীৰ ওপৰত গ্ৰেনেড আক্ৰমণ, এজনৰ মৃত্যু, আহত ১৩

নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰা গ্ৰেনেড পথৰ কাষত পৰাত আহত হয় স্থানীয় লোকসকল।

News18-Assam
Updated:November 4, 2019, 2:54 PM IST
জম্মু–কাশ্মীৰত আকৌ নিৰাপত্তাৰক্ষীৰ ওপৰত গ্ৰেনেড আক্ৰমণ, এজনৰ মৃত্যু, আহত ১৩
নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰা গ্ৰেনেড পথৰ কাষত পৰাত আহত হয় স্থানীয় লোকসকল।
News18-Assam
Updated: November 4, 2019, 2:54 PM IST
জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ লালচ’কত গ্ৰেনেড আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ এটা দললৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ। এই আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৩ জন।

নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰা গ্ৰেনেড পথৰ কাষত পৰাত আহত হয় স্থানীয় লোকসকল। আহতসকলক ভৰ্তি কৰোৱা হৈছে নিকটৱৰ্তী হাস্পতালত। বিগত এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো আক্ৰমণ। ইয়াৰ পূৰ্বে ২৯ অক্টোবৰত পুলৱামাত চি আৰ পি এফৰ এক পেট্ৰ’লিং পাৰ্টীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি