DSP দেৱিন্দৰ সিঙে হিজবুল মুজাহীদিনৰ সন্ত্ৰাসবাদীক নিজৰ ঘৰতে দিছিল আশ্ৰয়

News18 Assam | News18-Assam
Updated:January 14, 2020, 9:15 AM IST
DSP দেৱিন্দৰ সিঙে হিজবুল মুজাহীদিনৰ সন্ত্ৰাসবাদীক নিজৰ ঘৰতে দিছিল আশ্ৰয়
তথ্য অনুসৰি, দেৱিন্দৰ সিঙে ৩ সন্ত্ৰাসবাদীক নিজৰ ঘৰতে দিছিল আশ্ৰয়। দেৱিন্দৰ সিঙৰ ঘৰ বাদামী বাগ ছাউনী অঞ্চলৰ সেনাৰ ১৬ ক’ৰৰ মুখ্য কাৰ্যালয়ৰ সমীপত। এই তিনি সন্ত্ৰাসবাদীৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

তথ্য অনুসৰি, দেৱিন্দৰ সিঙে ৩ সন্ত্ৰাসবাদীক নিজৰ ঘৰতে দিছিল আশ্ৰয়। দেৱিন্দৰ সিঙৰ ঘৰ বাদামী বাগ ছাউনী অঞ্চলৰ সেনাৰ ১৬ ক’ৰৰ মুখ্য কাৰ্যালয়ৰ সমীপত। এই তিনি সন্ত্ৰাসবাদীৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

  • Share this:
জম্মু–কাশ্মীৰৰ কুলগামত শনিবাৰে হিজবুল মুদাহীদিনৰ সন্ত্ৰাসবাদীৰ সৈতে গ্ৰেপ্তাৰ হোৱা DSP দেৱিন্দৰ সিঙক লৈ পোহৰলৈ আহিছে নতুন নতুন তথ্য। দেৱিন্দৰ সিঙক সোমবাৰে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। বৰ্তমান আৰক্ষী আৰু চোৰাংচোৱাৰ বিষয়াই জেৰা কৰি আছে দেৱিন্দৰ সিঙক। ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য।

তথ্য অনুসৰি, দেৱিন্দৰ সিঙে ৩ সন্ত্ৰাসবাদীক নিজৰ ঘৰতে দিছিল আশ্ৰয়। দেৱিন্দৰ সিঙৰ ঘৰ বাদামী বাগ ছাউনী অঞ্চলৰ সেনাৰ ১৬ ক’ৰৰ মুখ্য কাৰ্যালয়ৰ সমীপত। এই তিনি সন্ত্ৰাসবাদীৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে দেৱিন্দৰ সিঙৰ ঘৰত তালাচী চলাই এটা AK-47 ৰাইফল আৰু দুটা পিষ্টলো উদ্ধাৰ কৰিছে।

জানিব পৰা মতে, জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া দেৱিন্দৰ সিঙক কৰায়ত্ত কৰা হৈছিল, তেতিয়া হিজবুল মুজাহীদিনৰ সন্ত্ৰাসবাদীকেইটাক চণ্ডীগড়লৈ লৈ গৈ আছিল। আৰক্ষীৰ মতে, দেৱিন্দৰ সিঙে শুকুৰবাৰে দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ানৰ পৰা সন্ত্ৰাসবাদীকেইটাক নিজৰ ঘৰলৈ লৈ আহিছিল। সিঙৰ ঘৰত সন্ত্ৰাসবাদীকেইটাই খাদ্য গ্ৰহণ কৰাৰ লগতে নিশাও কটাইছিল।

সন্ত্ৰাসবাদীকেইটা হ’ল হিজবুলৰ কমাণ্ডাৰ নবীদ বাবু আৰু তেওঁৰ দুই সতীৰ্থ ইৰফান আৰু ৰফি। এই সন্ত্ৰাসবাদী তিনিটাক কাশ্মীৰৰ পৰা সুৰক্ষিতভাৱে উলিয়াই পঠিয়াবলৈ দেৱিন্দৰ সিঙে কাৰ্যালয়ৰ পৰা চাৰিদিনৰ ছুটী লৈছিল।

আৰক্ষীৰ মতে, নবীদ বাবুৰ গ্ৰেপ্তাৰ এক বৃহৎ সফলতা। তেওঁৰ মূৰৰ দাম ২০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। আনহাতে, ইৰফানে বিগত কিছু বছৰত প্ৰায় ৫বাৰ পাকিস্তানলৈ গৈছিল।
Published by: Sanjay Kumar Das
First published: January 14, 2020, 9:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি