• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, এটা সন্ত্ৰাসবাদী নিহত

জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, এটা সন্ত্ৰাসবাদী নিহত

প্ৰতীকী ফটো

প্ৰতীকী ফটো

কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে কয় যে পুলৱামাত অব্যাহত থকা সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে এটা সন্ত্ৰাসবাদীক নিহত কৰিছে।

  • Share this:
জম্মু–কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ সৈতে সেনা আৰু আৰক্ষীৰ সংঘৰ্ষ। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হয়। প্ৰাথমিক তথ্য অনুসৰি, ৱহীবাগ অঞ্চলত এই সংঘৰ্ষৰ সৃষ্টি হয়। জম্মু–কাশ্মীৰ আৰক্ষীৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এই অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষী আৰু সেনাই অভিযান আৰম্ভ কৰিছিল।

কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে কয় যে পুলৱামাত অব্যাহত থকা সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে এটা সন্ত্ৰাসবাদীক নিহত কৰিছে। তেওঁ কয় যে মৃত্যু হোৱা সন্ত্ৰাসবাদীটো শ্ৰীৰনগৰৰ শাহিদ বছিৰ শ্বেখ বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদীটোৰ জিম্মাৰ পৰা এটা একে–৪৭ ৰাইফল, মেগজিন আৰু গুলী–বাৰুদ জব্দ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: