মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»জম্মু–কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত এজন জিঅ’চিসহ ৫ সৈনিক শ্বহীদ

জম্মু–কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত এজন জিঅ’চিসহ ৫ সৈনিক শ্বহীদ

News18 Assam | News18-Assam
Updated:October 11, 2021, 2:36 PM IST
জম্মু–কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত এজন জিঅ’চিসহ ৫ সৈনিক শ্বহীদ
File Photo

চাৰিজন সন্ত্ৰাসবাদীৰ দলে সীমা পাৰ হৈ পুঞ্চত উপস্থিত হৈছিল আৰু তাৰ পিছত কাশ্মীৰ ঘাটিৰ বাবে ৰাওনা হৈছিল।

  • Share this:



জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাস্থিত ডেৰাৰ গলী অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন জিঅ’চিসহ ৫জন সৈনিক শ্বহীদ হয়। নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ৰাখিছে আৰু বৰ্তমানো সংঘৰ্ষ অব্যাহত আছে।

প্ৰতিৰক্ষা বিভাগৰ এজন মুখপাত্ৰই কয় যে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত সুৰনকোটত ডিকেজিৰ সমীপৰ এখন গাঁৱত অভিযান আৰম্ভ কৰে। বিষয়াজনে কয় যে অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদী নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি চৰমেৰৰ জংঘলত লুকাই থকাৰ খবৰ লাভ কৰিছিল। লগে লগে উক্ত স্থানলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হয়, যাতে সন্ত্ৰাসবাদী ওলাই যোৱাৰ সকলো পথ বন্ধ হৈ পৰে।

জানিব পৰা মতে, চাৰিজন সন্ত্ৰাসবাদীৰ দলে সীমা পাৰ হৈ পুঞ্চত উপস্থিত হৈছিল আৰু তাৰ পিছত কাশ্মীৰ ঘাটিৰ বাবে ৰাওনা হৈছিল। মুগল ৰোডৰ সমীপৰ ডেৰাৰ গলী অঞ্চলত নিৰাপত্তাৰক্ষীয়ে চাৰিওটা সন্ত্ৰাসবাদীক ঘেৰাও কৰে, যাৰ পিছত দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হয়। এই গুলীয়াগুলিত ৫জন সৈনিক গুৰুতৰভাৱে আহত হৈছিল, লগে লগে আটাইকেইজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে।

Published by: Sanjay Kumar Das
First published: October 11, 2021, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি