জম্মু–কাশ্মীৰঃ স্কুলীয়া শিক্ষাৰ্থীক শিলগুটি দলিয়াবলৈ উচতোৱা ১১২জন বিচ্ছিন্নতাবাদীৰ সন্তান থাকে বিদেশত

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি প্ৰায় প্ৰতিজন ডাঙৰ নেতাৰ পৰিয়ালৰ সদস্য বিদেশত থাকে। 

News18
Updated:July 4, 2019, 2:54 PM IST
জম্মু–কাশ্মীৰঃ স্কুলীয়া শিক্ষাৰ্থীক শিলগুটি দলিয়াবলৈ উচতোৱা ১১২জন বিচ্ছিন্নতাবাদীৰ সন্তান থাকে বিদেশত
গৃহ মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি প্ৰায় প্ৰতিজন ডাঙৰ নেতাৰ পৰিয়ালৰ সদস্য বিদেশত থাকে। 
News18
Updated: July 4, 2019, 2:54 PM IST
স্কুলীয়া শিক্ষাৰ্থীক শিলগুটি দলিয়াবলৈ শিকোৱাৰ লগতে উপত্যকাৰ স্কুল জোৰ জুলুমকৈ বন্ধ কৰোৱা বিচ্ছিন্নতাবাদী নেতাৰ নিজৰ সন্তান পঢ়ে বিদেশত, থাকে বিদেশত।  গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ৰাজ্য সভাত কৈছিল যে জম্মু–কাশ্মীৰত বিচ্ছিন্নতাবাদী নেতাসকলে যিকোনো কথাত হুলস্থুল কৰি থাকে কিন্তু তেওঁলোকৰ নিজৰ সন্তান পঢ়ে বিদেশত। পৰিসংখ্যা অনুসৰি ১১২জন বিচ্ছিন্নতাবাদীৰ ২২০জন সন্তান বিদেশত থাকি পঢ়া–শুনা কৰে অথবা তাতেই থাকিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত বহুকেইজন হুৰিয়তৰ নেতাৰ সন্তানো আছে।

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি প্ৰায় প্ৰতিজন ডাঙৰ নেতাৰ পৰিয়ালৰ সদস্য বিদেশত থাকে। এইসকল বিচ্ছিন্নতাবাদী নেতাই স্কুলীয় শিক্ষাৰ্থীসকলক শিল দলিয়াবলৈ উচতাই আৰু স্কুলসমূহ জোৰ জুলুমকৈ বন্ধ কৰে। এইসকল নেতাৰ তালিকা দেখিলে আপুনিও আমোদ পাব।

তেহৰিক–এ–হুৰিয়তৰ চেয়াৰমেন আচৰাফ চেহৰাইৰ দুই পুত্ৰ খালিদ আপু আবিদ আচৰাফ চৌদি আৰৱত কাম কৰে আৰু তাতেই থাকে।

জামাত–এ–ইছলামীৰ সদৰ গুলাম মহম্মদ বটৰ পুত্ৰ চৌদিাৰৱত চিকিৎসক।

দুখতৰানঃএ–মিল্লতৰ আচিয়া অন্দ্ৰাবিৰ দুই পুত্ৰই বিদেশত অধ্যয়ন কৰে। তেওঁৰ দুই পুত্ৰ ক্ৰমে মহম্মদ বিন কচিম মালয়েছিয়া আৰু আহমেদ বিন কাছিম অষ্ট্ৰেলিয়াত থাকে।

চৈয়দ আলী শ্বাহ গিলানৰ পুত্ৰ নীলম গিলানীয়ে পাকিস্তানৰ পৰা এমবিবিএছৰ ডিগ্ৰীৰ অধ্যয়ন কৰিছে।

হুৰিয়তৰ নেতা মিৰৱাইজ ওমৰ ফাৰুকৰ ভগ্নী ৰাবিয়া ফাৰুক আমেৰিকাত চিকিৎসক আৰু তেওঁ তাতেই থাকে।

বিলাল লৌনৰ জী–জোঁৱাই ব্ৰিটেইনত থাকে আৰু তেওঁৰ কনিষ্ঠ কন্যাই অষ্ট্ৰেলিয়াত অধ্যয়ন কৰি আছে।

বিচ্ছিন্নতাবাদী মহম্মদ চফী ৰেশীৰ পুত্ৰই আমেৰিকাত পিএইচডি কৰি আছে।

আচৰাফ লয়াৰ কন্যাই পাকিস্তানত অধ্যয়ন কৰি আছে।

মুছলীম লীগৰ নেতা মহম্মদ ইউছুফ মীন আৰু ফাৰুক গপতুৰীৰ কন্যাও পাকিস্তানত চিকিৎসাশাস্ত্ৰৰ অধ্যয়ন কৰি আছে।

একেধৰণে ডেম’ক্ৰেটিক মুভমেণ্টৰ নেতা খোৱাজা ফৰদৌছ ৱানীৰ কন্যাও পাকিস্তানত চিকিৎসাশাস্ত্ৰৰ অধ্যয়ন কৰি আছে।

ৱহীদত–এ–ইছলামীৰ নেতা নিচাৰ হুছেইন ৰাথোৰৰ কন্যাই ইৰাণত কাম কৰে আৰু তেওঁ স্বামী সহ তাতেই থিতাপি লৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি