জম্মু–কাশ্মীৰত সেনা–সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ, নিহত তিনি সন্ত্ৰাসবাদী

এটা পৰিয়ালৰ বাসগৃহত আত্মগোপন কৰি আছিল তিনি সন্ত্ৰাসবাদীয়ে

News18-Assam
Updated:September 28, 2019, 5:32 PM IST
জম্মু–কাশ্মীৰত সেনা–সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ, নিহত তিনি সন্ত্ৰাসবাদী
এটা পৰিয়ালৰ বাসগৃহত আত্মগোপন কৰি আছিল তিনি সন্ত্ৰাসবাদীয়ে
News18-Assam
Updated: September 28, 2019, 5:32 PM IST
আকৌ এবাৰ উত্তপ্ত হৈ পৰিছে জম্মু–কাশ্মীৰ। শনিবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এটা পৰিয়ালত আত্মগোপন কৰি আছিল তিনিজনীয়া সন্ত্ৰাসবাদীৰ এটা দলে। নিৰাপত্তাৰক্ষীয়ে  গোপন সূত্ৰৰ পৰা পোৱা  খবৰ অনুসৰি  অভিযান চলাওতেই সন্ত্ৰাসবাদী কেইজনে নিৰাপত্তাৰক্ষী কেইজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় তিনিওটা সন্ত্ৰাসবাদী। ঘটনাত দুগৰাকী নিৰাপত্তাৰক্ষীও আহত হয়। সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ কৰা কৰা হয় বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি