জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, CRPFৰ ৫ জোৱান শ্বহীদ, ৪জন আহত

CRPFৰ সূত্ৰই জনোৱা তথ্য অনুসৰি এই ঘটনা কেপি জেনেৰেল বাছ ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই ঘটনা।

News18-Assam
Updated:June 12, 2019, 7:16 PM IST
জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, CRPFৰ ৫ জোৱান শ্বহীদ, ৪জন আহত
CRPFৰ সূত্ৰই জনোৱা তথ্য অনুসৰি এই ঘটনা কেপি জেনেৰেল বাছ ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই ঘটনা।
News18-Assam
Updated: June 12, 2019, 7:16 PM IST
জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত CRPFৰ ৫ জোৱান শ্বহীদ হোৱাৰ লগতে ৪ জন আহত। আৰক্ষীয়ে জনোৱা মতে এজন সন্ত্ৰাসবাদী নিহত হয় এই সংঘৰ্ষত। CRPFৰ সূত্ৰই জনোৱা তথ্য অনুসৰি এই ঘটনা কেপি জেনেৰেল বাছ ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই ঘটনা। গাড়ীত বহি থকা সন্ত্ৰাসবাদীয়ে সুৰক্ষাকৰ্মীক লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে।

আহত জোৱানসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত CRPFৰ ২জন জোৱানসহ SSO অনন্তনাগ অৰশদ আহমেদ আৰু এগৰাকী মহিলা। মহিলাগৰাকীৰ ভৰিত লাগে গুলী। SSO অৰশদ আহমেদক চিকিৎসাৰ বাবে শ্ৰীনগৰলৈ লৈ যোৱা হয়।

আক্ৰমণৰ দায়িত্ব স্বীকাৰ অল উমৰ মুজাহিদ্দীনৰ

সন্ত্ৰাসবাদী সংগঠন অল উমৰ মুজাহিদ্দীনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। সন্ত্ৰাসবাদী সংগঠনটোৱে ৫ গৰাকী সুৰক্ষাকৰ্মীক হত্যা কৰা বুলি দাবী কৰে। অল উমৰ মুজাহিদ্দীনে এইধৰণৰ আক্ৰমণ পুনৰ সংঘটিত কৰাৰ ভাবুকি প্ৰদান কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি