জম্মু-কাশ্মীৰৰ ত্ৰিকুটা পাহাৰৰ ওপৰত থকা বিখ্যাত মাতা বৈষ্ণোদেৱী মন্দিৰত নৱবৰ্ষৰ প্ৰথম দিনটোত ভক্তৰ প্ৰচণ্ড ভিৰৰ পৰিলক্ষিত হয়। ভিৰত পদপিষ্ট হৈ কমেও ১২ জন লোকৰ মৃত্যু হয়। লগতে কেইবাজনো লোক আহত হৈছে। শুকুৰবাৰে মাজনিশাৰ পৰা হঠাত্ ভীৰ বাঢ়ি গৈছিল মন্দিৰ ভৱনত।
এগৰাকী চৰকাৰী বিষয়াই কৈছে যে, নতুন বছৰৰ প্ৰথমদিনটোত মাৰ চৰণত সেৱা জনোৱাৰ বাবে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছিল। পৰিস্থিতি এটা সময়ত নিয়ন্ত্ৰণৰ বাহিৰত যায় আৰু পদপিষ্টৰ ঘটনা সংঘটিত হয়।
Extremely saddened by the loss of lives due to a stampede at Mata Vaishno Devi Bhawan. Condolences to the bereaved families. May the injured recover soon. Spoke to JK LG Shri @manojsinha_ Ji, Ministers Shri @DrJitendraSingh Ji, @nityanandraibjp Ji and took stock of the situation.