• Home
  • »
  • News
  • »
  • nation
  • »
  • Jammu and Kashmir : অখনুৰ ছেক্টৰত নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰিলে ড্ৰোণ, ৫ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ

Jammu and Kashmir : অখনুৰ ছেক্টৰত নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰিলে ড্ৰোণ, ৫ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ

জম্মু–কাশ্মীৰত ২৭ জুনত ভাৰতীয় বায়ুসেনা ষ্টেচনত আক্ৰমণৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰা হৈছিল।

জম্মু–কাশ্মীৰত ২৭ জুনত ভাৰতীয় বায়ুসেনা ষ্টেচনত আক্ৰমণৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰা হৈছিল।

জম্মু–কাশ্মীৰত ২৭ জুনত ভাৰতীয় বায়ুসেনা ষ্টেচনত আক্ৰমণৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰা হৈছিল।

  • Share this:
জম্মু–কাশ্মীৰত ড্ৰোণ দৃশ্যমান হোৱাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। জম্মু–কাশ্মীৰত শুকুৰবাৰে পুৱা ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে অখনুৰ ছেক্টৰত এখন ড্ৰোণ ধ্বংস কৰে। জম্মু–কাশ্মীৰ আৰক্ষীৰ পালৰ পৰা কৰা গুলীচালনাৰ পিছত ড্ৰোণখন ভূপতিত হয়। ড্ৰোণখনৰ পৰা আৰক্ষীয়ে ৫ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

জম্মু–কাশ্মীৰত ২৭ জুনত ভাৰতীয় বায়ুসেনা ষ্টেচনত আক্ৰমণৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছৰে পৰা সীমান্তত ধাৰাবাহিকভাৱে ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছিল। শুকুৰবাৰে পুৱা অখনুৰ ছেক্টৰত ড্ৰোণ এখন প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত ড্ৰোণখন ভূপতিত হয়।




এতিয়ালৈ জানিব পৰা মতে ড্ৰোণখনৰ পৰা ৫ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এই বিস্ফোৰকখিনি সন্ত্ৰাসবাদীলৈ প্ৰেৰণ কৰা হৈছিল যদিও নিৰাপত্তাৰক্ষীৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে। এই ড্ৰোণখন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৮ কিলোমিটাৰ ভিতৰত পোৱা গৈছে।

Published by:Sanjay Kumar Das
First published: