
প্ৰতীকী ফটো
অমৰনাথ যাত্ৰালৈ যোৱা ভক্তপ্ৰাণ যাত্ৰীক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰৰ পৰা ঘূৰি যাবলৈ নিৰ্দেশ প্ৰশাসনৰ
যিকোনো মুহূৰ্তত হ’ব পাৰে ভয়ংকৰ ঘটনা। চলিব পাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ। যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰালৈ যোৱা ভক্তপ্ৰাণ যাত্ৰী আৰু পৰ্যটকক সোনকালে জম্মু–কাশ্মীৰ এৰি যোৱাৰ নিৰ্দেশ দিছে প্ৰশাসনে। সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে শুকুৰবাৰে এক সংবাদমেল পাতি এই কথা উল্লেখ কৰে। সংবাদমেল খনত সেনা আৰু আৰক্ষীয়ে লগতে উল্লেখ কৰে যে পাকিস্তানে কাশ্মীৰত এতিয়াও অশান্তিময় পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আছে। সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদীক দেশক অনুপ্ৰৱেশ কৰোৱাৰ চেষ্টা চলোৱা হৈছে।
![]()
লগতে লেফটিনেন্ট জেনেৰেল কে জে এছ ঢিল্লনে কয় যে, চোৰাংচোৱাৰ খবৰ অনুসৰি অমৰনাথ যাত্ৰালৈ অহা যাত্ৰী আৰু পৰ্যটকসকলক লক্ষ্য কৰি আক্ৰমণ চলোৱা হ’ব পাৰে! বিষয়া গৰাকীয়ে উল্লেখ কৰে যে ‘যোৱা তিনি-চাৰি দিন ধৰি স্পষ্ট খবৰ লাভ কৰা হৈছে যে, পাকিস্তান সেনাৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰাত বাধা প্ৰদানৰ বাবে চেষ্টা চলাই আছে। সেয়েহে যাত্ৰাৰ সময়ত দক্ষিণ দিশৰ পহলগাম পথ আৰু উত্তৰ দিশৰ বালটাল পথত সেনা আৰু চিআৰপিএফে তালাচী অভিযান আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|