• Home
  • »
  • News
  • »
  • nation
  • »
  • Jammu and Kashmir : জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ প্ৰচণ্ড সংঘৰ্ষ

Jammu and Kashmir : জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ প্ৰচণ্ড সংঘৰ্ষ

ভাৰতীয় নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল যে শ্ব’পিয়ান ছেক্টৰৰ চেক চোলেণ্ড অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে আৰু কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে।

  • Share this:
জম্মু–কাশ্মীৰৰ (Jammu-Kashmir) শ্ব’পিয়ান ছেক্টৰ (Shopian Sector)ৰ চেক চোলেণ্ড অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। এতিয়ালৈ অহা খবৰ অনুসৰি, নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত ২–৩টা সন্ত্ৰাসবাদীক ঘেৰাও কৰি ৰাখিছে আৰু দুয়োপক্ষৰ মাজত গুলীয়াগুলি অব্যাহত আছে।

পুৱাৰে পৰা অব্যাহত থকা সংঘৰ্ষত এতিয়ালৈ কোনো সন্ত্ৰাসবাদী কৰায়ত্ত বা হতাহত হোৱাৰ খবৰ অহা নাই। স্থানীয় লোকক নিজৰ ঘৰৰ দুৱাৰ–খিৰিকি বন্ধ কৰি ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

জানিব পৰাজানিব পৰা মতে, ভাৰতীয় নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল যে শ্ব’পিয়ান ছেক্টৰৰ চেক চোলেণ্ড অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে আৰু কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত এটা দল গঠন কৰি অঞ্চলটোত অভিযান চলায়। নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ দলটোক আত্মসমৰ্পণ কৰিবলৈ কয় যদিও সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা আৰম্ভ কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: