জম্মু–কাশ্মীৰৰ পুলৱামাত শুক্ৰবাৰে দুটা সন্ত্ৰাসবাদী হত্যা কৰা হয়। এক বিশেষ সুত্ৰৰ পম খেদি সেনাই হত্যা কৰিবলৈ সক্ষম হয় দুই উগ্ৰপন্থীক। জানিব পৰা মতে পুলৱামাৰ এক দুৰ্গম এলেকাত দীৰ্ঘ সময় ধৰি আত্ম গোপন কৰি আছিল সন্ত্ৰাসবাদীৰ এটা বিশেষ দলে। এতিয়াও চলি আছে অঞ্চলটোত সেনাা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়া গুলী।
নিহত সন্ত্ৰাসবাদী দুজন লস্কৰ–ই–তৈবাৰ বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে জম্মু–কাশ্মীৰত এতিয়া আকৌ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। সন্তাসবাদীক দমন কৰিবলৈ ভাৰতীয় সেনাই তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰুধী অভিযান।
Published by: Dulu Medhi
FIRST PUBLISHED : June 14, 2019, 12:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।