
File Photo
বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লস্কৰ-ই-তৈবা (Lashkar-E-Taiba)ৰ তিনিজন উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লস্কৰ-ই-তৈবা (Lashkar-E-Taiba)ৰ তিনিজন উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে আগতে কৈছিল যে মে' মাহত কাশ্মীৰী পণ্ডিত ৰাহুল ভাটৰ হত্যাত জড়িত লতিফ ৰাথাৰকে ধৰি তিনিজন এল ই টি উগ্ৰপন্থীক এনকাউণ্টাৰ স্থানত ঘেৰাও কৰা হৈছে। "এতিয়ালৈকে দুজন সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰ পূৰ্বে আৰক্ষীৰ এজন মুখপাত্ৰই কৈছিল যে নিৰাপত্তাৰক্ষীয়ে জিলাখনৰ খানচাহিব অঞ্চলৰ ৱাটাৰশ্বেলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছত ঘেৰি ধৰিছিল আৰু তালাচী অভিযান আৰম্ভ কৰিছিল।
কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (কাশ্মীৰ জোন) বিজয় কুমাৰে টুইট কৰি কয়, "সন্ত্ৰাসবাদী লতিফ ৰাথাৰকে ধৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনিজন সন্ত্ৰাসবাদীক এনকাউণ্টাৰটোত ঘেৰি ধৰা হৈছে। লতিফ, ৰাহুল ভাট আৰু অমৰিন ভাটকে ধৰি কেইবাজনো নাগৰিক হত্যাৰ সৈতে জড়িত আছে।"
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|