জামিয়া মিলিয়া ইছলামিয়াৰ চৌহদত প্ৰৱেশ কৰি ছাত্ৰ–ছাত্ৰীক প্ৰহাৰ আৰক্ষীৰ! হোষ্টেলৰ পৰা উলিয়াই আনিও ছাত্ৰক কৰিলে প্ৰহাৰ

News18 Assam | News18-Assam
Updated:December 15, 2019, 10:42 PM IST
জামিয়া মিলিয়া ইছলামিয়াৰ চৌহদত প্ৰৱেশ কৰি ছাত্ৰ–ছাত্ৰীক প্ৰহাৰ আৰক্ষীৰ! হোষ্টেলৰ পৰা উলিয়াই আনিও ছাত্ৰক কৰিলে প্ৰহাৰ
Source-Google

নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে আবেলিৰ পৰা প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰে।

  • News18 Assam
  • Last Updated: December 15, 2019, 10:42 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে আবেলিৰ পৰা প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰে। দিল্লীত দুস্কৃতিকাৰীয়ে জ্বলাই দিয়ে কেইবাখনো বাহন। ঘটনাত জড়িত থকা সন্দেহত আৰক্ষীৰ দলে প্ৰৱেশ কৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ চৌহদত। বিনা অনুমতিত বিশ্ব বিদ্যালয়ৰ পুথিভঁৰালত প্ৰৱেশ কৰি আৰক্ষীৰ দলে প্ৰহাৰ কৰে ছাত্ৰ–ছাত্ৰীক। কৰ্তব্যৰত মহিলা সাংবাদিককো প্ৰহাৰ নিৰাপত্তাৰক্ষীৰ। ইফালে দিল্লীত হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি নিৰাপত্তাৰক্ষীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পৰা ছাত্ৰক উলিয়াই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে। ঘটনাত ইতিমধ্যে আহত হৈছে বহু শিক্ষাৰ্থী।



কিন্তু ছাত্ৰ–ছাত্ৰীসকলে উল্লেখ কৰিছে যে, তেওঁলোক জড়িত নহয় এনে হিংসাত্মক কাৰ্যত। আনহাতে আৰক্ষীৰ ওপৰত হোৱা শিলাবৰ্ষণত জড়িত নহয়। শিক্ষাৰ্থী। অনুমতি অৱিহনে পুথিভঁৰালত প্ৰৱেশ কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ অভিযোগ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

আৰক্ষীৰ এনে বৰ্বৰতাৰ পিছত  প্ৰতিবাদী শিক্ষাৰ্থীয়ে ঘেৰাও কৰিছে দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়।কাইলৈ জামিয়া নগৰত বন্ধ থাকিব সকলো বিদ্যালয়। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে দুখনকৈ মেট্ৰ' ষ্টেচন।


আৰু চাওক
পৰৱৰ্তী বাতৰি