অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ নক্সা প্ৰস্তুত কৰিব দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ অধ্যাপকে

News18 Assam | News18-Assam
Updated:September 2, 2020, 3:53 PM IST
অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ নক্সা প্ৰস্তুত কৰিব দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ অধ্যাপকে
Source-Google

উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ নক্সা প্ৰস্তুত কৰিব দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ স্থাপত্যবিদ্যা (Architecture) বিভাগৰ মূৰব্বী অধ্যাপক প্ৰফেচাৰ এচ এম আখতাৰে।

  • Share this:
উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ নক্সা প্ৰস্তুত কৰিব দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ স্থাপত্যবিদ্যা (Architecture) বিভাগৰ মূৰব্বী অধ্যাপক প্ৰফেচাৰ এচ এম আখতাৰে। বিশ্ববিদ্যালয়খনৰ জন সম্পৰ্কৰক্ষী বিষয়া আহমদ আজিমে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে। উল্লেখযোগ্য যে, মছজিদ নিৰ্মাণৰ কাৰণে ‘Indo-Islamic Cultural Foundation’ নামৰ এটা ন্যাসো গঠন কৰা হৈছে।

প্ৰফেচাৰ এচ এম আখতাৰে দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ‘ইণ্ডিয়ান এক্সপ্রেছ’ক জনোৱা মতে – তেওঁ মছজিদৰ লগতে সমগ্ৰ পৰিসৰটোৰ নক্সা প্ৰস্তুত কৰিব আৰু এই নিৰ্মাণৰ মূল উদ্দেশ্য হ’ব ভাৰতীয় ধ্যান ধাৰণা আৰু ইছলামীয় সংস্কাৰৰ যোগেদি মানৱীয় মূল্যবোধ বজাই ৰাখি সমাজলৈ সেৱা আগবঢ়োৱা। পৰিসৰত এখন চিকিৎসালয় থাকিব পাৰে বুলিও কয় বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে।

ইতিমধ্যে চুন্নী বোৰ্ডে বাবৰি মছজিদৰ পৰিৱৰ্তে আন এক মছজিদ নিৰ্মাণ কৰিবলৈ অযোধ্যাৰ ধ্বন্নীপুৰ গাঁৱত ৫ একৰ মাটি লাভ কৰিছে।
Published by: Himangshu Bhuyan
First published: September 2, 2020, 3:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading