পিছফালে থম থম মদন গোপাল আৰক্ষী, হাতত বন্দুক লৈ CAA বিৰোধীক হুংকাৰ দি গুলীচালনা যুৱকৰ,Video

News18 Assam | News18-Assam
Updated:January 30, 2020, 7:17 PM IST
পিছফালে থম থম মদন গোপাল আৰক্ষী, হাতত বন্দুক লৈ CAA বিৰোধীক হুংকাৰ দি গুলীচালনা যুৱকৰ,Video
দিল্লীৰ জামিয়া চহৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীলৈ গুলীচালনা এজন যুৱকৰ

দিল্লীৰ জামিয়া চহৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীলৈ গুলীচালনা এজন যুৱকৰ

  • Share this:
দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।  তাৰ মাজতেই দিল্লীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দিল্লীৰ জামিয়া চহৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰক গুলীয়াই আহত কৰে এজন যুৱকে। কিন্তু যুৱকজনে মুকলি কৈ পিষ্টল দেখুৱাই প্ৰতিবাদকাৰীক গুলীয়াই দিয়াৰ ভাবুকি দিয়াৰ সময়ত উপস্থিত আছিল আৰক্ষীৰ দল। কিন্তু আৰক্ষী চাই থকাতে থাকিল, যুৱকজনে গুলীয়াই আহত কৰিলে এজন ছাত্ৰক।

আহত ছাত্ৰ জনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। গুলীচালনা কৰা যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। প্ৰতিবাদ চলি থকাৰ সময়তে সন্মুখ ভাগৰ পৰা গুলী চলাই যুৱকজনে।

গুলীচলোৱাৰ আগত যুৱকজনে ফেচবুক লাইভ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি