খেল শেষ শ্বাহিন বাগ! FB LIVE কৰি গুলীয়াইছিল জামিয়াৰ উন্মাদ আক্ৰমণকাৰীয়ে...

News18 Assam | News18-Assam
Updated:January 30, 2020, 6:29 PM IST
খেল শেষ শ্বাহিন বাগ! FB LIVE কৰি গুলীয়াইছিল জামিয়াৰ উন্মাদ আক্ৰমণকাৰীয়ে...
Jamia Firing latest Update: দিল্লীৰ জামিয়াত গুলী চালনা কৰা ব্যক্তিজনৰ চিনাক্তকৰণ হৈছে।

Jamia Firing latest Update: দিল্লীৰ জামিয়াত গুলী চালনা কৰা ব্যক্তিজনৰ চিনাক্তকৰণ হৈছে।

  • Share this:
দিল্লীৰ জামিয়া নগৰত গুলীচালনা কৰা ব্যক্তিজনৰ চিনাক্তকৰণ হৈছে। বৃহস্পতিবাৰে বন্দুক হাতত লৈ ফায়াৰিং কৰা ব্যক্তিজন এজন ছাত্ৰ আৰু ফেচবুকত তেওঁ ফেচবুকত ৰামভক্ত হিচাপে আছে।

গুলীচালনা কৰাজন জামিয়াৰ ছাত্ৰ নহয়। ফায়াৰিং কৰাৰ আগতে ছাত্ৰজনে কেবাবাৰো জামিয়াৰ পৰা নিজৰ ফেচবুক একাউণ্টত লাইভ হৈছিল। এটা পোষ্টো তেওঁ দিছিল, ‘শ্বাহীন বাগ, খেল শেষ।’ আৰক্ষীয়ে গোপালক কৰায়ত্ব কৰি সোধা–পোছা অব্যাহত ৰাখিছে।

শ্বাহিনবাগত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ বিৰোধত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্ছিটীৰ পৰা ৰাজঘাটলৈ পদযাত্ৰাৰ  সময়ত গোপালে হঠাৎ ফায়াৰিং আৰম্ভ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি