বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ উচতনিৰ পিছতে CAA বিৰোধী প্ৰতিবাদকাৰীলৈ গুলীচালনা!

News18 Assam | News18-Assam
Updated:January 30, 2020, 2:45 PM IST
বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ উচতনিৰ পিছতে CAA বিৰোধী প্ৰতিবাদকাৰীলৈ গুলীচালনা!
দিল্লীৰ জামিয়া নগৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা

দিল্লীৰ জামিয়া নগৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা

  • Share this:
দিল্লীৰ জামিয়া নগৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। খবৰ অনুসৰি এজন যুৱকে হাতত বন্দুক লৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কৰে গুলীচালনা। গুলীচালনাৰ ফলত গুৰুতৰ ভাবে আহত হৈছে এজন ছাত্ৰ। আহত ছাত্ৰ জনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়।

গুলীচালনা কৰা যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। প্ৰতিবাদ চলি থকাৰ সময়তে সন্মুখ ভাগৰ পৰা গুলী চলাই যুৱকজনে।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে বিজেপি সাংসদ অনুৰাগ ঠাকুৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰা সকলক গুলীয়াব লাগে বুলি তীব্ৰ উচতনিমূলক মন্তব্য কৰিছিল।আৰু তাৰ পিছতেই এজন যুৱকে এনেদৰে হাতত বন্দুক লৈ কৰে গুলীচালনা কৰে। ঘটনাটোৱে সমগ্ৰ দেশতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


আৰু চাওক
পৰৱৰ্তী বাতৰি