মুখ্যপৃষ্ঠা »খবৰ »দেশ »Arunachal Pradesh : কৰ্তব্যৰত আৰক্ষীক গুলীয়াই হত্যা কৰি জে’লৰ পৰা পলাল ২ কয়দী

Arunachal Pradesh : কৰ্তব্যৰত আৰক্ষীক গুলীয়াই হত্যা কৰি জে’লৰ পৰা পলাল ২ কয়দী

দুই কয়দীয়ে কৰ্তব্যৰত কনিষ্টবলৰ পৰা AK47 কাঢ়ি নিয়ে। তাৰ পিছতে কনিষ্টবল ৱাংনিয়াম বছাইক গুলীয়াই হত্যা কৰি পলায়ন কৰে।

  • Share this:
অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) টিৰাপ জিলাৰ খোনছা কাৰাগাৰত ভয়ংকৰ ঘটনা। কনিষ্টবলক গুলীয়াই হত্যা কৰি পলায়ন কৰে দুই কয়দীয়ে। পলায়ন কৰা কয়দী দুটা NSCN K(NS)ৰ কেডাৰ বুলি জানিব পৰা গৈছে। নাম ৰকচেন হোমচা লোৱাং আৰু টিটপু কিটনিয়া।

দুই কয়দীয়ে কৰ্তব্যৰত কনিষ্টবলৰ পৰা AK47 কাঢ়ি নিয়ে। তাৰ পিছতে কনিষ্টবল ৱাংনিয়াম বছাইক গুলীয়াই হত্যা কৰি পলায়ন কৰে। দেওবাৰে বিয়লি সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

এই ঘটনাৰ সত্যতা নিশ্চিত কৰিছে টিৰাপৰ আৰক্ষী অধীক্ষকে। টিৰাপৰ আৰক্ষী অধীক্ষকে কয়, ‘‘এনএছচিএন কে (এনএছ)ৰ ৰকচেন হোমচা লোৱাং আৰু টিটপু কিটনিয়া নামৰ দুই অভিযুক্তই ৱাংনিয়াম বছাই নামৰ কৰ্তব্যৰত কনিষ্টবলজনৰ পৰা ছাৰ্ভিচ ৰাইফল কাঢ়ি নিয়ে আৰু তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে। তাৰ পিছতে দুই কয়দীয়ে পলায়ন কৰে।’’

কনিষ্টবলজনৰ পেটৰ অংশত গুলী লাগে আৰু সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণৰ সময়ত মৃত্যুক সাবটি লয়। আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, কাঢ়ি নিয়া ৰাইফলটো লৈ পলায়ন কৰে। সূত্ৰ অনুসৰি, অন্তিম সংস্কাৰৰ বাবে কনিষ্টবলজনৰ মৃতদেহ খোনচালৈ অনা হৈছে।

শেহতীয়া বাতৰি