পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখড়ে আজি ভাৰতৰ ১৪তম উপ-ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মূৱে তেখেতক উপ-ৰাষ্ট্ৰপতিৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। উক্ত অনুষ্ঠানটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ নীতিশ কুমাৰ, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰী, গৃহমন্ত্ৰী অমিত শ্বাহকে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বহুকেইজন জ্যেষ্ঠ তথা গণ্য মান্য মন্ত্ৰীও উপস্থিত থাকে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদ্যপ্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু তেওঁৰ উত্তৰাধিকাৰী ধনখড়ক তেওঁৰ বাসগৃহত আতিথ্য দিছিল। মন কৰিবলগীয়া যে, শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে জগদীপ ধনখড়ে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
জগদীপ ধনখড়ৰ জন্ম ১৯৫১ চনৰ ১৮ মে তাৰিখে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ কিথানাত হৈছিল। তেখেতৰ প্ৰাৰম্ভিক শিক্ষা কিথানা গাঁৱৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে হোৱাৰ পাছত তেওঁক গাৰ্ধনাৰ চৰকাৰী মধ্য বিদ্যালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত তেওঁ চিত্তৌৰগড়ৰ সৈনিক বিদ্যালয়তো অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে। তেওঁ ৰাজস্থান বাৰ কাউন্সিলৰ অধ্যক্ষও আছিল।
বিজেপি তথা এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থী জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭৪.৩৬ শতাংশ ভোট লাভেৰে জয়ী হৈছিল যিটো বিগত ছটা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত তুলনাত ধনখৰে সৰ্বাধিক ভোট। জগদীপ ধনখড়ে ৫২৮ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দী মাৰ্গাৰেট আলভাই মাত্ৰ ১৮২ টা ভোটতে সন্তুষ্ট থাকিব লগা হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|