মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»প্লাজমা প্ৰদানকাৰীক ৫ হাজাৰ আৰু কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ১৫ হাজাৰ টকা দিব এইখন ৰাজ্য চৰকাৰে

প্লাজমা প্ৰদানকাৰীক ৫ হাজাৰ আৰু কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ১৫ হাজাৰ টকা দিব এইখন ৰাজ্য চৰকাৰে

News18 Assam | News18-Assam
Updated:May 6, 2021, 12:15 PM IST
প্লাজমা প্ৰদানকাৰীক ৫ হাজাৰ আৰু কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ১৫ হাজাৰ টকা দিব এইখন ৰাজ্য চৰকাৰে
অন্ধ্ৰ প্ৰদেশৰ প্ৰায় ৩৭,০০০ লোকেই সম্প্ৰতি প্লাজমা দানৰ বাবে যোগ্য। তেনেস্থলত কোভিড ৰোগীসকলৰ সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ এটা প্লাজমা দান শিবিৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।

অন্ধ্ৰ প্ৰদেশৰ প্ৰায় ৩৭,০০০ লোকেই সম্প্ৰতি প্লাজমা দানৰ বাবে যোগ্য। তেনেস্থলত কোভিড ৰোগীসকলৰ সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ এটা প্লাজমা দান শিবিৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।

  • Share this:
Andhra Pradesh Covid-19 Cases: কোভিড কালৰ এই জটিল সময়ৰ মাজতে ৰাজ্যৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সজাগৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ চৰকাৰে প্লাজমা প্ৰদানকাৰীক ৫,০০০ টকা আৰু কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক ১৫ হাজাৰ টকা প্ৰদানৰ এক বৃহৎ ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ হাতত থকা তথ্য অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ প্ৰায় ৩৭,০০০ লোকেই সম্প্ৰতি প্লাজমা দানৰ বাবে যোগ্য। তেনেস্থলত কোভিড ৰোগীসকলৰ সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ এটা প্লাজমা দান শিবিৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ নিৰ্দেশ অনুসৰিয়েই এই কাৰ্যসূচীৰ প্ৰচাৰ আৰু প্লাজমা প্ৰদানকাৰীক পুষ্টি প্ৰদানৰ বাবে প্ৰতিগৰাকী প্লাজমা দাতাক ৫ হাজাৰ টকা দিয়াৰ লগতে এই অভিযান আৰম্ভ কৰা হৈছে। আৰু একে সময়তে, ৰাজ্য চৰকাৰে কোভিডৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ অন্তিম ৰীতি-নীতিৰ বাবে ১৫ হাজাৰ টকা ঘোষণা কৰিছে।

ব্লাড বেংকৰ সৈতে সম্পৰ্ক কৰা হৈছে -

এই বিশেষ প্লাজমা দান অভিযানৰ বিষয়ে অধিক তথ্য প্ৰদান কৰি ৰাজ্যখনৰ স্বাস্থ্য আয়ুক্ত কাটমানানি ভাস্কৰে কয়, "যোগ্য দাতাসকলৰ এটা ডাটাবেছ প্ৰস্তুত কৰা হৈছে আৰু বৰ্তমানে ইয়াক এনে ব্লাড বেংকৰ সৈতে কথা পাতি থকা হৈছে, য'ত প্লাজমা গ্ৰহণ আৰু ইয়াক সংৰক্ষণ কৰাৰ সুবিধা আছে।" স্বাস্থ্য আয়ুক্ত ভাস্কৰে লগত কয় যে স্বাস্থ্য বিভাগৰ কল চেণ্টাৰে কোভিডৰ পৰা সুস্থ হৈ উঠা ৰোগীসকলক যোগাযোগ কৰিব আৰু প্লাজমা দান কাৰ্যসূচীৰ বিষয়ে জনোৱাৰ লগতে প্লাজমা দান কৰিবলৈ আৰু আনৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁলোকক সৈমান কৰাব। ইপিনে জানিব পৰা মতে, বৰ্তমানে ৰাজ্য চৰকাৰখনে খাদ্য, আৱাস, ঔষধ আৰু পৰীক্ষাকে ধৰি মুঠ কোভিডৰ ব্যৱস্থাপনাৰ বাবে দৈনিক প্ৰায় ১৫ কোটি টকা ব্যয় কৰি আছে।

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশত মঙলবাৰৰ দিনটোত ২০,০৩৪টা নতুন সংক্ৰমণৰ ঘটনা ৰুজু কৰা হৈছে। যাৰ ফলত ৰাজ্যখনত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ১১,৮৪,০২৮ লৈ বৃদ্ধি হয়, যদিও হেল্থ বুলেটিন অনুসৰি এতিয়ালৈকে মুঠ ১০,১৬,১৪২গৰাকী লোক সুস্থ হৈছে। একে সময়তে মৃত্যুৰ সংখ্যা ৮,২৮৯ লৈ বৃদ্ধি হৈছে আৰু ৰাজ্যখনত বৰ্তমান ১,৫৯,৫৯৭গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।
Published by: Sanjay Kumar Das
First published: May 6, 2021, 12:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি