• Home
  • »
  • News
  • »
  • nation
  • »
  • ছোনিয়াৰ পৰা পোৱা অপমানৰ প্ৰতিশোধ অন্ধ্ৰত ৱাইএছআৰৰ উত্থান!

ছোনিয়াৰ পৰা পোৱা অপমানৰ প্ৰতিশোধ অন্ধ্ৰত ৱাইএছআৰৰ উত্থান!

মাত্ৰ দহবছৰৰ ভিতৰত কেনেকৈ শূণ্যৰ পৰা আৰম্ভ কৰি সফলতাৰ শীৰ্ষত আৰোহণ কৰিলে অন্ধ্ৰপ্ৰদেশত বিপুল জয় লাভ কৰা ৱাইএছআৰ ৰেড্ডীয়ে?

মাত্ৰ দহবছৰৰ ভিতৰত কেনেকৈ শূণ্যৰ পৰা আৰম্ভ কৰি সফলতাৰ শীৰ্ষত আৰোহণ কৰিলে অন্ধ্ৰপ্ৰদেশত বিপুল জয় লাভ কৰা ৱাইএছআৰ ৰেড্ডীয়ে?

মাত্ৰ দহবছৰৰ ভিতৰত কেনেকৈ শূণ্যৰ পৰা আৰম্ভ কৰি সফলতাৰ শীৰ্ষত আৰোহণ কৰিলে অন্ধ্ৰপ্ৰদেশত বিপুল জয় লাভ কৰা ৱাইএছআৰ ৰেড্ডীয়ে?

  • Share this:
২০১০চনৰ  মাজভাগৰ কথা, সদ্য বিধৱা হোৱা অন্ধ্ৰপ্ৰদেশৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডঃ ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ পত্নী বিজয়লক্ষ্মী যাক বিজয়আম্মা নামেৰে সকলোৱে চিনি পাইছিল নিজৰ কন্যা শৰ্মিলা ৰেড্ডীৰ সৈতে হায়দৰাবাদৰ পৰা নতুন দিল্লীত উপস্থিত হৈছিল। বিমানবন্দৰৰ পৰা পোনে পোনে তেওঁলোক ৰাওনা হৈছিল ১০,জনপথলৈ। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ চৰকাৰী বাসস্থানলৈ আহোতে তেওঁলোক উদগ্ৰীৱ হৈ আছিল। মনত আশা আছিল ছোনিয়া গান্ধীয়ে হয়তো তেওঁলোকক উষ্ণ আদৰণি জনাব যিহেতু প্ৰয়াত ৰেড্ডীৰ সৈতে প্ৰয়াত ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ সম্পৰ্ক আছিল অতি ওচৰৰ। কিন্তু তেওঁলোকৰ আশাত চেঁচাপানী ঢালি বাস্তৱত হ’ল ইয়াৰ ঠিক ওলোটা! প্ৰায় ১০–১৫মিনিট অপেক্ষা কৰাৰ পিছত কঠোৰ মুখেৰে ছোনীয়া গান্ধীয়ে তেওঁলোকক সাক্ষাৎ কৰে। শীতল কণ্ঠেৰে ছোনিয়া গান্ধীয়ে বিজয়আম্মাক নিৰ্দেশ দিয়ে পুত্ৰ ৱাই এছ আৰ ৰেড্ডীয়ে ৰাজ্যখনত আৰম্ভ কৰা ‘অড়াপু’ যাত্ৰা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ। ২০০৯চনৰ ছেপ্তেম্বৰ মাহত হেলিকপ্তাৰ দুৰ্ঘটনাত পিতৃৰ অকাল মৃত্যুৰ পিছত ৰাজ্যৰ যিসকল লোকৰ এই শোকত মৃত্যু হৈছিল তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ কাৰণে ৱাই এছ আৰ ৰেড্ডীয়ে আৰম্ভ কৰিছিল এই যাত্ৰা।

হতভম্ব মাতৃয়ে ছোনিয়া গান্ধীক এই যাত্ৰাৰ তাৎপৰ্য বাখ্যা কৰিবলৈ চেষ্টা কৰে কিন্তু ছোনীয়া গান্ধীয়ে একেষাৰে তেওঁক নিৰ্দেশ পালন কৰিবলৈ কয়। ক্ষুব্ধ ছোনিয়া গান্ধীয়ে আনকি চকীৰ পৰা উঠি গৈ তেওঁক অত্যন্ত কঠোৰ ভাষাৰে মনে মনে থাকিবলৈও নিৰ্দেশ দিছিল।

এনে চৰম অপমানৰ বোজা বুকুত বান্ধি মাতৃ–কন্যাই কংগ্ৰেছৰ সভানেত্ৰীৰ ঘৰৰ পৰা নীৰৱে ওলাই আহে আৰু হায়দৰাবাদলৈ উভতি যায়। কিন্তু তেওঁলোকৰ বুকুত সেই সময়ত উমি উমি জ্বলি আছিল প্ৰতিশোধৰ জুই। ৰায়চলামাত এষাৰ কথা প্ৰচলিত যে ৰেড্ডীসকলে যেতিয়া কাৰোবাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ শপত লয় তেনেহ’লে হয় তেওঁলোক নিজে ধ্বংস হৈ যায় অথবা প্ৰতিপক্ষৰ বিৰুদ্ধে প্ৰতিশোধ লৈহে ক্ষান্ত হয়। হয়তো ছোনিয়া গান্ধীয়ে এই কথা জনা নাছিল।

যেতিয়া পুত্ৰ জগনে মাতৃৰ সৈতে হোৱা এই ঘটনাৰ উমান লাভ কৰে তেতিয়া তেওঁ অধৈৰ্য হৈ পৰে। নিজৰ পৰিয়াল আৰু ঘনিষ্ঠ সকলক তেওঁ জনাই দিয়ে কংগ্ৰেছৰ সংগ ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা। অকৃতজ্ঞ আৰু অসংবেদনশীল গান্ধী পৰিয়ালক শিক্ষা দিয়াৰ সংকল্প গ্ৰহণ কৰে ৱাই এছ আৰে। তেওঁ সংকল্প লয় অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছক পুলিয়ে–পোখাই উৎখাত কৰাৰ।

পিতৃৰ মৃত্যুৰ পিছত জগনে আশা কৰিছিল হয়তো পিতৃৰ স্থানত তেওঁক কংগ্ৰেছে স্থলাভিষিক্ত কৰিব অথবা অন্ততঃ কংগ্ৰেছ সভাপতিৰ আসনখন তেওঁক এৰি দিয়া হ’ব। কিন্তু ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ আশে–পাশে থকা চাটুকাৰ সকলে জগনমোহন ৰেড্ডীক বেছি গুৰুত্ব নিদিবলৈ হেঁচা দিলে। যাৰ ফলশ্ৰুতিত গান্ধী পৰিয়ালে পুৰণি অনুগত কিন্তু বিশেষ জনভিত্তি নথকা কে ৰছাইয়াহক মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত কৰে। সেই সময়ত সমগ্ৰ দল, কেবিনেট আৰু বিধায়কসকলৰ সমৰ্থন আছিল ৱাইএছআৰ পৰিয়ালৰ লগত। এই সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ ২০০৯চনৰ মে’ মাহৰ নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছৰে পৰা স্ব নিৰ্বাসনত থকা টিআৰএছ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে পৃথক তেলেংগানাৰ আন্দোলনত সাৰ পানী যোগোৱা আৰম্ভ কৰে।ৰছাইয়াহৰ দুৰ্বল নেতৃত্বৰ বাবে অন্ধ্ৰপ্ৰদেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। একো উৱাদিহ নোপোৱা কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে নতুন দিল্লীত ততাতৈয়াকৈ অন্ধ্ৰপ্ৰদেশৰ বিভাজনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য বিভাজনৰ বিৰোধিতা কৰা ৱাইএছআৰ পৰিয়ালৰ সৈতে এবাৰো আলোচনা কৰাৰো প্ৰয়োজন অনুভৱ নকৰিলে গান্ধী পৰিয়ালে।

অক্টোবৰ, ২০১০ত কংগ্ৰেছ হাইকামাণ্ডে ৰছাইয়াহক মুখ্যমন্ত্ৰীত্বৰ আসনৰ পৰা আঁতৰাই তেওঁতকৈও দুৰ্বল এজন মুখ্যমন্ত্ৰী এন কিৰণ কুমাৰ ৰেড্ডীৰ কান্ধত ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰে। ১৯৪৭চনৰ স্বাধীনতাৰ পিছৰে পৰা অন্ধ্ৰপ্ৰদেশত অদমনীয় হৈ থকা কংগ্ৰেছৰ যেন ৰাজ্যখনত বিদায় লাহে লাহে সমাগত হৈ আহিছিল।

জগনে কংগ্ৰেছ পাৰ্টী ত্যাগ কৰি ৱাইএছআৰ কংগ্ৰেছ নামৰ এটা দল নতুনকৈ খুলি ৰাজনৈতিক কুছ কাৱাজ আৰম্ভ কৰে। কাড়াপাৰ সাংসদ পদ তেওঁ ত্যাগ কৰে আৰু উপ নিৰ্বাচনত অভিলেখ ভংগ কৰা ভোটৰ ব্যৱধানত আকৌ নিজৰ দলৰ বেনাৰত জয়ী হৈ আহে। সেই সময়ত ১০, জনপথত বহুতৰে বুকু দুৰু দুৰুকৈ কঁপা আৰম্ভ হৈ গৈছিল।

এগৰাকী সফল ব্যৱসায়ী জগনমোহনৰ চিমেণ্টৰ পৰা সংবাদমাধ্যম সকলোতে বিনিয়োগ আছে। তেওঁ বহুকেইটা কোম্পানীৰো মালিক। সেই সময়তে সামঞ্জস্য নথকা সম্পত্তি ৰখাৰ অভিযোগত বিচাৰৰ অধীনত জগনমোহন ৰেড্ডীক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। জগনৰ সৈতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় তেওঁৰ বহুকেইজন ঘনিষ্ঠ সহযোগীকো। এই ঘটনাৰ বাবেও ছোনিয়া গান্ধীৰ আক্ৰোশকে দায়ী কৰে জগনমোহনৰ পৰিয়ালে। জগনক হায়দৰাবাদৰ চঞ্চলাগুড়া কাৰাগাৰত প্ৰায় ১৮ মাহ বন্দী কৰি ৰখাৰ পিছত ২০১৩চনৰ ছেপ্তেম্বৰ মাহত তেওঁক মুকলি কৰি দিয়া হয়।

এই সময়ছোৱা আছিল ৱাইএছআৰ জগনমোহন ৰেড্ডীৰ কাৰণে আটাইতকৈ কঠিন সময়। তেওঁৰ অনুপস্থিতিত তেওঁৰ বিধৱা মাতৃ, ভগ্নী আৰু পত্নী ভাৰতীয়ে ৰেড্ডী দূৰ্গ চম্ভালি ৰাজনৈতিক আৰু ব্যৱসায় দুয়োটা দিশ চোৱা চিতা কৰিবলগীয়া হৈছিল।

গান্ধী পৰিয়ালৰ ৰোষত পৰাৰ আশংকাত বেছিভাগ ৱাইএছআৰৰ সমৰ্থকে তেওঁলোকৰ পৰা লাহে লাহে দূৰত্ব ৰক্ষা কৰিবলৈ ধৰে। এসময়ত ভগৱানৰ দৰে পূজা কৰা সমৰ্থকসকল এজন দুজনকৈ আঁতৰিব লৈছিল ৱাই এছ আৰ ৰেড্ডীৰ কাষৰ পৰা। জেলৰ পৰা বাহিৰলৈ অহাৰ সময়ত বিধানসভা আৰু সংসদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ ছমাহ সময় আছিল।

তেলেংগানাৰ বিভাজন নিশ্চিত বুলি জানিও জগনে শেষ যুদ্ধ কৰি চালে কিন্তু ভাগ্যই সেই সময়ত তেওঁৰ লগ নিদিলে। পিতৃৰ পৰম শত্ৰু চন্দ্ৰবাবু নাইডুয়ে ১০বছৰৰ পিছত মুখ্যমন্ত্ৰীৰূপে উভতি আহে। জগন এইবাৰলৈ পৰাজিত হয়। কিন্তু এই পৰাজয়ত অস্থিৰ নোহোৱাকৈ দলৰ পুনঃ সংগঠনৰ কামত মনোনিবেশ কৰে জগনে। এহাতে তেওঁ নাইডুৰ সৈতে মোকাবিলা কৰিছিল আনহাতে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ওচৰ সম্পৰ্ক ৰক্ষা কৰিছিল।

মোদী–শ্বাহৰ নেতৃত্বত ভাৰতত নিৰ্বাচনী ৰণনীতি সম্পূৰ্ণ সলনি হোৱাৰ কথা অনুধাৱন কৰিছিলে ৱাইএছআৰ ৰেড্ডীয়ে। নিজৰ নিৰ্বাচনী ৰণকৌশল আৰু পৰিকল্পনা সুদৃঢ় কৰিবলৈ তেওঁ যোগাযোগ কৰে প্ৰশান্ত কিশোৰৰ সৈতে। ২০১৪চনত নৰেন্দ্ৰ মোদী আৰু ২০১৫চনত নীতিশ কুমাৰৰ কাৰণে নিৰ্বাচনী কৌশল প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰ সেই সময়ত ৰাজনীতিৰ বিস্ময় গুৰু।

নতুন দিল্লীৰ এগৰাকী সাংবাদিক বন্ধুৰ জৰিয়তে জগনমোহন ৰেড্ডীয়ে প্ৰশান্ত কিশোৰৰ সৈতে যোগাযোগ কৰে। প্ৰথম অৱস্থাত কিশোৰ ৱাইএছআৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহী নাছিল। কিন্তু জগন নেৰা নেপেৰাকৈ লাগি থাকে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত এছপি–কংগ্ৰেছৰ হৈ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি মুখঠেকেচা খোৱাৰ পিছত প্ৰশান্ত কিশোৰৰ ওচৰত জগনক না কোৱাৰ থল বাকী নাথাকিল।

নিজৰ I-PAC টীমৰ সৈতে প্ৰশান্ত কিশোৰ হায়দৰাবাদত অৱতৰণ কৰে আৰু জগনৰ এটা বিল্ডিঙত কাৰ্যালয় খুলি ১০০গৰাকী টীমমেটৰ সৈতে প্ৰশান্ত কিশোৰে কুছ কাৱাজ আৰম্ভ কৰি দিয়ে। দুবছৰীয়া প্ৰস্তুতিৰে তেওঁ নিৰ্ধাৰণ কৰে ৱাইএছআৰৰ নিৰ্বাচনী কেম্পেইন আৰু কৌশল।

সেই সময়ত জগনমোহনে অন্ধ্ৰপ্ৰদেশত এক পদযাত্ৰাৰে মানুহৰ সমৰ্থন আদায় কৰিবলৈ ওলায়। অন্ধ্ৰপ্ৰদেশৰ প্ৰায় ১৩খন জিলাৰ ৩,৬৪৮ কিলোমিটাৰ পথ তেওঁ যাত্ৰা কৰে মুঠ ৩৪১ দিনত। এই পদযাত্ৰাই ৱাইএছআৰৰ কাৰণে বৃহৎ টাৰ্ণিং পইণ্টৰূপে বিবেচিত হয়। এই পদযাত্ৰাৰ সময়ত ভিজাগ বিমানবন্দৰত তেওঁৰ ওপৰত এক প্ৰাণঘাতী আক্ৰমণো চলোৱা হয় কিন্তু ৱাইএছআৰ দৈৱক্ৰমে ৰক্ষা পৰে।

নিৰ্বাচনৰ এটা বছৰৰ পিছতে চন্দ্ৰবাবু নাইডুৱে এনডিএ চৰকাৰৰ সংগ ত্যাগ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে তেওঁৰ দল টিডিপি আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰতি অন্যায় কৰাৰ অভিযোগ তুলি মোদী চৰকাৰৰ সংগ ত্যাগ কৰে নাইডুৱে। ইয়াৰ পিছতে কংগ্ৰেছৰ সৈতে হাত মিলাই তেলেংগানা বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় চন্দ্ৰবাবু নাইডু।

ইয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে জগনে কোনো সহযোগীৰ সহায় নোলোৱাকৈ অকলে নিৰ্বাচনত উঠাৰ সিদ্ধান্ত লয়। তেওঁৰ ঘনিষ্ঠসকলে তেওঁক পৰামৰ্শ দিছিল, পৱন কল্যাণৰ জন সেনাৰ সৈতে হাত মিলাই প্ৰতিদ্বন্দ্বীতা কৰাৰ কাৰণে। কিন্তু আত্মবিশ্বাসী জগনমোহনে অন্ধ্ৰপ্ৰদেশৰ ৰাইজে তেওঁক নিৰাশ নকৰি অন্তঃত এবাৰ সুযোগ দিয়াৰ আশা প্ৰকাশ কৰে। জগনমোহন ৰেড্ডীয়ে ভবাৰ দৰেই ২৩ মে’ৰ ফলাফলত বৃহৎ ভোটত তেওঁক অন্ধ্ৰপ্ৰদেশবাসীয়ে জয়ী কৰায়।

এই বিজয়ৰ পৰিসৰ আছিল অকল্পনীয়। জগনে নিজেও আনকি এনেকুৱা জনাদেশ কল্পনা কৰা নাছিল।

৪৬বছৰীয়া জগনমোহন ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশৰ শাসনভাৰ অতি গুৰুত্বপূৰ্ণ মুহূৰ্তত গ্ৰহণ কৰিছে। দ্বিখণ্ডিত ৰাজ্যখনৰ সম্পদৰ অভাৱৰ মাজতো ভোটাৰক বৃহৎ প্ৰতিশ্ৰুতি দিছে জগনে। নিৰ্বাচনত জয়লাভ কৰাৰ পিছত তেওঁৰ সন্মুখত অন্যতম বৃহৎ প্ৰত্যাহ্বান হ’ব নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা। এফালে তেওঁ অন্ধ্ৰপ্ৰদেশ চম্ভালিব লাগিব আনহাতে বিৰোধীক সম্পূৰ্ণৰূপত অপ্ৰাসংগিক কৰি তুলিব লাগিব।

মাত্ৰ দহ‍বছৰৰ ভিতৰতে সম্পূৰ্ণ সম্বলহীন অৱস্থাৰ পৰা জগনমোহন ৰেড্ডীয়ে নিজৰ কষ্ট আৰু পৰিকল্পনাৰে এই বৃহৎ সাফল্য লাভ কৰিছে। জগনমোহন ৰেড্ডীক যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়া গান্ধী পৰিয়ালৰ ভেঁটি ভাৰতীয় ৰাজনীতিতে উঠি যোৱাকৈ জনাদেশ দিছে ৰাইজে। জগনৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ মতে এয়া নেদেখাজনৰ ন্যায়! কোনোবাই কয় অন্ধ্ৰপ্ৰদেশৰ অভিশাপ।

এগৰাকী প্ৰটেষ্টাণ্ট খ্ৰীষ্টান হিচাপে জগনমোহন ৰেড্ডীয়ে দৈৱিক ন্যায়ৰ ওপৰতহে বিশ্বাস কৰে।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি