বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সমস্যাই লগ এৰা নাই। তেওঁৰ নিয়মীয়া জামিনত দাখিল কৰা ইডিৰ প্ৰতিবাদী পত্ৰত এক বৃহৎ তথ্য প্ৰকাশ পাইছে। এই পত্ৰত প্ৰকাশ পাইছে যে তদন্তৰ সময়ত জেকলিনে প্ৰমাণ নষ্ট কৰিবলৈ মোবাইলৰ পৰা ডাটা ডিলিট কৰিছিল। তদন্তৰ সময়তেই তেওঁ দেশৰ পৰা পলায়নৰ চেষ্টাও কৰিছিল। কিন্তু, নিষেধাজ্ঞা জাৰি কৰাৰ বাবে তেওঁ সফল হ’ব পৰা নাছিল।
ইডিয়ে কয় যে জেকলিনে কেতিয়াও তদন্তত সহযোগ কৰা নাছিল। যেতিয়াই তেওঁক প্ৰমাণ দেখুৱাই বা আন অভিযুক্তৰ সন্মুখত বহি জেৰা কৰা হৈছিল, তেতিয়াই তেওঁ কেৱল স্বীকাৰোক্তি দিছিল। তদন্তৰ সময়ত জেকলিনৰ আচৰণ ভাল নাছিল, তেওঁ সাক্ষী আৰু প্ৰমাণ নষ্ট কৰিব পাৰে। এই বিশেষ যুক্তিসমূহৰ সৈতে ইডিয়ে পাটিয়ালা আদালতত নিজৰ উত্তৰপত্ৰ দাখিল কৰি জেকলিনক জামিন প্ৰদানৰ বিৰোধিতা কৰে।
২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰ
তাৎপৰ্যপূৰ্ণভাৱে ২০০ কোটি টকাৰ অবৈধ ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেছক ইডিৰ দ্বাৰা জেৰা কৰা হৈছে। এই গোচৰটো সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত। একেটা গোচৰতে শনিবাৰে দিল্লীৰ পাটিয়ালা হাউছ আদালতত হাজিৰ হয় জেকলিন। এই সময়ছোৱাত তেওঁ উকীলৰ দৰে সাজ-পোছাক পৰিধান কৰিছিল। শুনানিৰ সময়ত আদালতে ইডিক উত্তৰ দাখিল কৰিবলৈ কয়। কেন্দ্ৰীয় সংস্থাটোৱে ইয়াৰ বাবে সময় বিচাৰিছিল। তাৰ পিছত আদালতে গোচৰটোৰ পৰৱৰ্তী তাৰিখ দিয়ে।
জেকলিন সুকেশৰ সৈতে সহ অভিযুক্ত
১০ নৱেম্বৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি। তেতিয়ালৈকে জেকলিনক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিন বাহাল ৰাখিছিল আদালতে। সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত চলি থকা ইডিৰ তদন্তৰ সহ অভিযুক্ত জেকলিন। তেওঁৰ নিয়মীয়া জামিন আবেদনৰ শুনানি চলি আছে পাটিয়ালা হাউছ আদালতত। ইয়াৰ পূৰ্বে ২৬ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰা হৈছিল।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|