বলিউদৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক প্ৰৱৰ্তন সঞ্চালকালয়(ইডি)ৰ জেৰা। বুধবাৰে অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ আৰু অন্যান্যৰ সৈতে জড়িত বহু কোটি টকাৰ ধন জালিয়াতিৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছিল অভিনেত্ৰীগৰাকীৰ নামত। আজি এই সন্দৰ্ভত জেকলিন ফাৰ্ণাণ্ডেজক দিল্লী আৰক্ষীয়ে অৰ্থনৈতিক অপৰাধ শাখা অৰ্থাৎ EWOৰ সন্মুখত সোধা-পোছাৰ বাবে উপস্থিত কৰায়।
জেকলিনৰ বাবে তৈয়াৰ হৈছে প্ৰশ্নৰ এক তালিকাঃআজি দিল্লী আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক EWOৰ ওচৰত লগ কৰাব য’ত তেওঁক ২০০ কোটিতকৈও অধিক জালিয়াতিৰ মাষ্টাৰমাইণ্ড সুকেশ চন্দ্ৰশেখৰৰ ক্ষেত্ৰত সোধা-পোছা কৰা হ'ব। মন কৰিব লগীয়া যে, জেকলিনক ইয়াৰপূৰ্বে দুবাৰকৈ ক্ৰমে ২৯ আগষ্ট আৰু ১২ ছেপ্তেম্বৰ তাৰিখে এই সন্দৰ্ভত সোধা-পোছা কৰাৰ বাবে মাতি পঠিয়াইছিল। কিন্তু জেকলিন উপস্থিত হোৱা নাছিল আৰু যেতিয়া তৃতীয়বাৰ চমনত কঠোৰ নিৰ্দেশ দিয়ে য’ত তেওঁ যিকোনো প্ৰকাৰে উপস্থিত হোৱাতো বাধ্যতামূলক কৰি দিয়া হৈছিল।
জানিব পৰা মতে, দিল্লী আৰক্ষীয়ে জেকলিনক সুকেশ চন্দ্ৰ শেখৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰিব। ইয়াৰ উপৰিওষসুকেশে অভিনেত্ৰীগৰাকীক দিয়া ব্যয়বহুল আৰু মূল্যৱান উপহাৰৰ বিষয়েও জেকলিনক প্ৰশ্ন কৰা হ'ব। জেকলিনে সুকেশক কিমান বাৰ লগ পাইছিল আৰু কিমান বাৰ তাই সুকেশৰ সৈতে ফোনত কথা পাতিছিল সেই বিষয়েও সোধা হ'ব।
EWOৰ যুটীয়া আয়ুক্ত ছায়া শৰ্মা, বিশেষ আয়ুক্ত ৰবীন্দ্ৰ যাদৱসহ ৫-৬ জন বিষয়াই জেকলিনক সোধা-পোছ কৰিছে বুলি জানিব পৰা গৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|